ড্ৰাইভিং লাইচেঞ্চ জালিয়াতি চক্ৰ আটক গোৰেশ্বৰ আৰক্ষীৰ

 07/06/2019 - 14:29

গোৰেশ্বৰঃ গোৰেশ্বৰ আৰক্ষীয়ে আটক কৰিলে এটা ড্ৰাইভিং লাইচেঞ্চ জালিয়াতি চক্ৰ। ড্ৰাইভিং লাইচেঞ্চ জালিয়াতিত জৰিত চাৰিজনক আটক কৰে আৰক্ষীয়ে। গোৰেশ্বৰ আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ড্ৰাইভিং লাইচেঞ্চ জালিয়াতিৰ ভংয়কৰ কাহিনী। গুৱাহাটীত বনোৱা হয় জালিয়াতিৰ ড্ৰাইভিং লাইচেঞ্চ৷ চকুৰে চালেও ধৰিব নোৱাৰে জালিয়াতি৷

গোৰেশ্বৰৰ প্ৰশান্ত বিশ্বাসৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই চাৰি ধুৰন্ধৰৰ পৰা ১৪ খন জালিয়াতিৰ ড্ৰাইভিং লাইচেঞ্চ আৰক্ষীয়ে উদ্ধাৰ কৰে। প্ৰতিখন ড্ৰাইভিং লাইচেঞ্চৰ বাবদ ৩ হাজাৰ টকাকৈ লৈ বাক্সা জিলাৰ পৰিবহণ বিভাগৰ বিষয়াৰ চহী জালিয়াতি কৰা চাৰি ধুৰন্ধৰ হৈছে গুৱাহাটীৰ ফটাশিল থানাৰ অন্তৰ্গত ধীৰেণপাৰাৰ ৰাজু ভৌমিক, গোপীনাথ নগৰৰ সৌৰভ কুমাৰ দে’, হাজো থানা অন্তৰ্গত বৰম্বেৰ নাৰায়ণ পাটোৱাৰী আৰু তামুলপুৰ থানাৰ অন্তৰ্গত বৰঘুলিৰ চফিকুল হক।

গোৰশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেৰম্ব গোস্বামীয়ে আটকাধীন চাৰি প্ৰৱঞ্চকক গোৰেশ্বৰ থানাৰ ৮৫/১৯ নম্বৰত IPC ৪০৬/৪২০/৪৬৮/৩৪ গোচৰ ৰুজু কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।