কাকপথাৰঃ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত অসমৰ মফচলীয় সাংবাদিকসকলৰ বাবে মাত মাতি অহা অন্যতম মঞ্চ "আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন" চমুকৈ (আপ্কু)ৰ তিনিচুকীয়া জিলা সমিতিৰ নেতৃত্বৰ বিৰুদ্ধে পক্ষপাতিত্ব আচৰনত ক্ষুব্ধ হৈ দুজনকৈ সাংবাদিকে আপকুৰ তিনিচুকীয়া জিলা সমিতিৰ পৰা পদত্যাগ কৰা বুলি জানিব পৰা গৈছে৷ আপকুৰ তিনিচুকীয়া জিলা সমিতিৰ দুই সদস্য ক্ৰমে অজয় ঠাকুৰ আৰু ভাস্কৰ দাহালে তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সম্পাদক আৰু কেন্দ্ৰীয় সমিতিৰ বিষয়ব্বীয়ালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰা বুলি শেহতীয়াকৈ জানিব পৰা গৈছে৷
২০১৮ চনত আপকুৰ তিনিচুকীয়া জিলা সমিতিৰ পৰা কেইবাজনো সদস্যই পদত্যাগ কৰাৰ পাছত চলিত বৰ্ষৰ ২ জুলাইত অজয় ঠাকুৰে পদত্যাগ পত্ৰ দাখিল কৰা পিছতেই ভাস্কৰ দাহালে পদত্যাগ পত্ৰ দাখিল কৰিছে৷ উল্লেখ্য যে তিনিচুকীয়া জিলাত আপকুৰ জিলা সমিতিখন গঠন প্ৰক্ৰিয়াত এই দুজন সাংবাদিকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷
সদ্য পদত্যাগী সাংবাদিকদ্বয়ে পদত্যাগ পত্ৰত উল্লেখ কৰা মতে আপকুৰ তিনিচুকীয়া জিলা সমিতিৰ মুখ্য পদবীত অধিস্থিত এজন নেতাই সাংবাদিক সংগঠনটোত থকা সাংবাদিক সদস্যসকলৰ মাজত ভাঙোন আনিবলৈ চেষ্টা কৰাৰ লগতে আপকু তিনিচুকীয়া জিলা সমিতি ধ্বংস কৰাৰ কু-অভিসন্ধি ৰচনা কৰিছে৷ আপকুৰ জিলা সমিতিৰ নেতৃত্বৰ বিৰুদ্ধে সদ্য পদত্যাগী সাংবাদিকদ্বয়ে উত্থাপন কৰা অভিযোগ সমূহে সাংবাদিক সংস্থাটোক জনমানহত হেয় প্ৰতিপন্ন কৰিব সেয়া নিশ্চিত৷
তদুপৰি ইজনৰ পিছত সিজন সদস্যই আপকুৰ তিনিচুকীয়া জিলা সমিতি ত্যাগ কৰা ঘটনাই আপকুৰ অন্যান্য সদস্যসকলকো ভবাই তুলিছে বুলি সৰৱ চৰ্চা চলিছে৷ নিৰ্ভৰযোগ্য সুত্ৰই প্ৰকাশ কৰা মতে আপকুৰ জিলা সমিতিখনৰ পৰা ইতিমধ্যে আৰু কেইবাজনো সদস্য পদত্যাগ কৰিবলৈ চিন্তা চৰ্চা কৰি আছে৷ এনেদৰে নেতৃত্বৰ বিৰুদ্ধে অভিযোগ আনি সমিতিৰ সদস্যসকলে পদত্যাগ কৰিবলৈ হলে মুষ্টিমেয় কেইজনমান সাংবাদিকৰ হাততে আপকুৰ তিনিচুকীয়া জিলা সমিতিখন পৰিচালিত হ’ব বুলি আপকুৰ সদস্যৰ মাজতে সৰৱ চৰ্চা অব্যাহত আছে৷ এই ক্ষেত্ৰত আপকুৰ কেন্দ্ৰীয় সমিতিয়ে তিনিচুকীয়া জিলা সমিতি আপকুৰ আভ্যন্তৰীন কন্দলৰ বিষয়টোৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষ্যণীয় হ’ব৷