07/06/2019 - 16:12
in
লাহৰীঘাটঃ সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছুৰ টেঙাগুৰি অঞ্চলিক আমছুৰ উদ্যোগত আৰু মৰিগাঁও জিলা আমছুৰ সহযোগত টেঙাগুৰি বজাৰত শুক্ৰবাৰে সন্ধিয়া এক সজাগতামূলক পথ সভা অনুষ্ঠিত হৈ যায়। বৰ্তমান সময়ত সমাজত চলি থকা তীৰ-জুৱা, মদ, ভাং, শিশু-শ্ৰমিক, বাল্য-বিবাহ, কু-সংস্কাৰ আদি নিবাৰণৰ দাবীত সজাগতামূলক পথ সভাখন অনুষ্ঠিত কৰে।
উক্ত সজাগতামূলক পথ সভাখনত ভাষণ প্ৰদান কৰে সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছুৰ মৰিগাঁও জিলা সমিতিৰ মূখ্য উপদেষ্টা আখতাৰ হুছেইন, মৰিগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক মনোৱাৰ হুছেইন, জিলা সমিতিৰ শিক্ষা সম্পাদক হাৰুণ অৰ ৰছিদ আৰু টেঙাগুৰি আঞ্চলিক আমছুৰ উপদেষ্টা ফিৰুজ আহমেদে। সজাগতামূলক পথ সভাখনত আমছুৱে অসামাজিক কাৰ্যকলাপসমূহ দূৰ এখন শুদ্ধ নিকা সমাজ গঢ়ি তুলিবলৈ সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰে।