লোকসভা নিৰ্বাচনৰ বাবে সাজু এচ ইউ চি আই দল

 03/20/2019 - 16:27

গুৱাহাটীঃ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্য সকলো দল সাজু হৈছে৷ তাৰ লগতে সাজু হৈছে এচ ইউ চি আই দলো ( Socialist Unity Centre Of India)৷ এই দলে অসমত ৬ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এখন সংবাদ মেলত সংবাদ মাধ্যমৰ আগত এই বিষয়ে অৱগত কৰে এই দলৰ সম্পাদক চন্দ্ৰলেখা দাসে৷

এই ৬টা সমষ্টিৰ নাম আৰু প্ৰাৰ্থীৰ নামো ঘোষণা কৰে এই সংবাদমেলখনত৷ ধুবুৰীৰ পৰা কমৰেড সুৰাৎ জামান মণ্ডল, বৰপেটাৰ পৰা ডাঃ চিত্ৰলেখা দাস, মংগলদৈৰ পৰা কমৰেড স্বৰ্ণলতা চলিহা, লখিমপুৰ পৰা কমৰেড শ্যামদেও কুৰ্মী, কৰিমগঞ্জৰ পৰা কমৰেড প্ৰভাস সৰকাৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব৷ ২০১৯ লোকসভা নিৰ্বাচনত এইবাৰ দেশত সৰ্বমুঠ ১১৯টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এচ ইউ চি আই দলে৷

পশ্চিমবংগৰ পৰা ৪২খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এই দলটোৱে৷ এই দলৰ দলৰ সম্পাদক চন্দ্ৰলেখা দাসে কয় যে, গোষ্ঠীৰ নামত, ভাষাৰ নামত বিভিন্ন ধৰনৰ বিভাজন আহি পৰিছে৷ আমাৰ এই দলটো যদি জয়ী হয় বিভাজনবোৰৰ সমস্যা আমি সদনৰ আগত উত্থাপন কৰিব পৰিম৷ সাধাৰণ ৰাইজৰ সুখৰ বাবে আমি সদায় মাত মাতি যাম৷ লগতে তেওঁ এইটো কয় যে, চৰকাৰখন হে আমি পৰিৱৰ্তন কৰো কিন্তু বাকী সকলো একে থাকি যায়৷ চৰকাৰ পৰিৱৰ্তন হ’লেই সমাজৰ ভাগ্যৰ পৰিৱৰ্তন হৈ নাযায় বুলি তেওঁ ব্যক্ত কৰে আজিৰ সংবাদমেলত৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।