চন্দ্ৰপুৰত শংকৰদেৱ শিশু-বিদ্যা নিকেতনৰ আচাৰ্যসকলৰ "স্পকেন ইংলিছ"ৰ প্ৰশিক্ষণ

 07/06/2019 - 16:50

গুৱাহাটীঃ বিদ্যা ভাৰতী, অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ অন্তৰ্গত শংকৰদেৱ শিশু-বিদ্যা নিকেতনসমূহৰ আচাৰ্য-আচাৰ্যাসকলৰ ১৫ দিনীয়া আৱাসিক প্ৰশিক্ষণ বৰ্গ চন্দ্ৰপুৰৰ হাজোংবৰীস্থিত "বিদ্যা ভাৰতী বহুমুখী শৈক্ষিক প্ৰকল্প"ত কালিৰে পৰা আৰম্ভ হৈছে। এই প্ৰশিক্ষণবৰ্গ অনুষ্ঠানিকভাৱে বন্তি প্ৰজ্জ্বলন কৰি উদ্বোধন কৰে আৰ্য বিদ্যাপীঠ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট লেখক, সাহিত্যিক তথা বিদ্যা ভাৰতী পূৰ্ব্বোত্তৰ ক্ষেত্ৰৰ সভাপতি ড° জয়কান্ত শৰ্মাই। প্ৰস্তাৱিত ভাষণেৰে আচাৰ্যসকলক আদৰণি জনায় শিশু শিক্ষা সমিতি, অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে।

এই প্ৰশিক্ষণ বৰ্গত শিৱসাগৰ,যোৰহাট আৰু নলবাৰী বিভাগৰ ৩৬ খন নিকেতনৰ পৰা ২৯ জন আচাৰ্য আৰু ৫৫ জন আচাৰ্যা সৰ্বমুঠ ৮৪ জন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। উদ্বোধনী অনুষ্ঠানত শিশু শিক্ষা সমিতি ,অসমৰ অন্তৰ্গত হাইস্কুল উপ সমিতিৰ সম্পাদক বশিষ্ঠ ৰাম ডেকা আৰু সমল ব্যক্তিৰূপে ৰাম প্ৰসাদ শৰ্মাই ভাগ লৈছিল। প্ৰশিক্ষণ বৰ্গ সামৰণি পৰিব অহা ২০ জুলাইৰ ৰাতিপুৱা। আচাৰ্য প্ৰশিক্ষণ বৰ্গৰ লগতে একে ঠাইতে সমান্তৰালভাৱে ইংৰাজী বিষয়ৰ আচাৰ্যসকলৰো 'স্পকেন ইংলিছ’ৰ প্ৰশিক্ষণ বৰ্গ চলি আছে। অহা ১১ জুলাইলৈ চলিব লগীয়া স্পকেন ইংলিছৰ এই বৰ্গত ১৯ জন আচাৰ্য -আচাৰ্যাই অংশ গ্ৰহণ কৰিছে বুলি শিশু শিক্ষা সমিতি, অসমৰ প্ৰান্তীয় প্ৰশিক্ষণ প্ৰমুখ মহানন্দ দাস আৰু উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ সম্পাদক অজয় কুমাৰ বৰাই সংবাদ মাধ্যমক জানিবলৈ দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।