লাহৰীঘাটত নৃশংস হত্যাকাণ্ড: নিহত ১ আহত ৫

 07/06/2019 - 17:48

মৰিগাঁওঃ মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অৰ্ন্তগত বৰিবন্ধা গাঁৱত যোৱা নিশা সংগঠিত হয়  এক নৃশংস হত্যাকাণ্ড। এজন নিৰীহ ব্যক্তিক হত্যা কৰি পেলাই থলে পথৰ ওপৰত। আনহাতে আহত হয় ৫জন যুৱক।মৃত ব্যাক্তি জনৰ নাম ইব্ৰাহীম আলী(৫০)। আনহাতে আহত ব্যক্তি কেইজন একেখন গাঁৱৰে হবিবুৰ ৰহমান, ৰাজু আলী, ইয়ামীন আলী, ইনামূল হক, আৰু আয়ুব আলী।

উল্লেখযোগ্য যে শুক্ৰবাৰে নিশা ৯.৩০ বজাত বৰিবন্ধা কৰৈতুলি গাঁৱৰ কেইজনমান যুৱকে গাঁওখনৰ পথৰ মুকলি অংশত গৰমৰ বাবে চলাফিৰা কৰি ফুৰিছিল। এনে অৱস্থাত বৰিবন্ধা গাঁৱৰে আনকেইজন মান যুৱকেও বতাহ বিচাৰি ঘূৰি ফুৰিছিল। এনে অৱস্থাত কোনো কাৰণ নোহোৱাকৈ যুৱকৰ দল দুটা তৰ্কযুদ্ধত লিপ্ত হয়। বৰিবন্ধা গাঁৱৰ উদণ্ড যুৱকৰ দলটোৱে বৰিবন্ধা কৰৈতুলি গাঁৱৰ যুৱক কেইজনক আক্ৰমণ কৰে ।এনে অৱস্থাত বৰিবন্ধা কৰৈতুলি গাঁৱৰ ইব্ৰাহীম আলী নামৰ ব্যক্তিজনক ৰাস্তাৰে গৈ থকা অৱস্থাত দাৰে ঘপিয়াই হত্যা কৰে। পাছত ঘটনাস্থলীত উপস্থিত হয় লাহৰীঘাট থানাৰ আৰক্ষীৰ লগত চিআৰপিএফৰ দল। আজি মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই সাংবাদিকৰ আগত কয় যে উক্ত ঘটনাত জড়িত সকলৰ ভিতৰত ইতিমধ্য ২জন অপৰাধীক গ্ৰেপ্তাৰ কৰিছে আৰু বাকী অপৰাধী কেইজন সোনকালে গ্ৰেপ্তাৰ হ’ব বুলি জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।