পুখুৰীতে অনুশীলন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসমৰ দুই প্ৰতিভা

 07/06/2019 - 18:21

ডিজিটেল ডেস্কঃ আকৌ এবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ প্ৰতিভা। স্বৰ্ণপদক আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে চৰাইদেউৰ দুই প্ৰতিভাই। এই দুই প্ৰতিভাই আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত আটাল বৰবৰুৱাই খন্দা এটা পুখুৰীত, যিটাে পুখুৰী এতিয়া হাবি-জংঘলৰে ভৰি পৰিছে কিন্তু চৰকাৰৰ দৃষ্টিগােচৰ হােৱা নাই আৰু সেই পুখুৰীটােতে সাঁতােৰ অনুশীলন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিবলৈ সক্ষম হ’ল।

যােৱা ২৮ জুনত ভাৰতীয় সাঁতােৰ ফেডাৰেচনে গুজৰাটৰ ৰাজকােটত আয়ােজন কৰা ৩৬ সংখ্যক সাঁতােৰ প্ৰতিযােগিতাত অংশগ্ৰহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে চৰাইদেউৰ মৌচম গগৈ আৰু ৰাজশ্ৰী বৰগােহাঁইয়ে। মৌচম গগৈয়ে স্বৰ্ণ আৰু ৰাজশ্ৰী বৰগােহাঁইয়ে ব্ৰঞ্জৰ পদক কঢ়িয়াবলৈ সক্ষম হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.