07/06/2019 - 19:38
in
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বাজেট ২০১৯ত উত্থাপন কৰা হৈছে এক নতুন নিয়ম। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘােষণা কৰিছে যে অতি সােনকালে ঘৰৰ মালিক আৰু ভাড়াতীয়াসকলৰ মাজত বিবাদ নিষ্পত্তি কৰিবলৈ নতুন আইন অনা হ’ব।
এই নতুন নিয়মৰ জৰিয়তে ঘৰৰ মালিক আৰু ভাড়াতীয়াৰ সম্পৰ্ক উন্নত কৰাৰ লগতে কােনাে ঘৰৰ মালিকে নিজ ইচ্ছামতে ভাড়া বৃদ্ধি কৰিব নােৱাৰিব।
আনহাতে নিৰ্মলা সীতাৰমণে বাজেটত ঘােষণা কৰিছে যে চৰকাৰে শীঘ্ৰেই সাধাৰণ নাগৰিকৰ বাবে ১.৯৪ কােটি ঘৰ নিৰ্মাণ কৰিব।