গুৱাহাটীঃ গুৱাহাটীঃ টাই আহোম যুৱ পৰিষদ অসমৰ (টাইপা)ৰ আহ্বানত শনিবাৰে ৰাজধানী ৰিজেন্সীত আহোম সংগঠনসমূহৰ সৈতে জনজাতিকৰণকলৈ কেন্দ্ৰীয় চৰকাৰৰ স্থিতিক মুখ্য উদ্দেশ্য হিচাপে লৈ এখন আলোচনা সভা অনুষ্ঠিত হয়। সভা উদ্বোধন কৰে পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ সভাপতি চাও দয়ানন্দ বৰগোঁহাইয়ে।
উক্ত সভাত উপস্থিত থাকে টাই আহোম যুৱ পৰিষদৰ সভাপতি চাও হৰেন ফুকন, বুঢ়াগোহাঁই বংশাৱালীৰ সভাপতি চাও সুন্দৰ বুঢ়াগোহাঁই, পূৰ্বোত্তৰ টাই সাহিত্য সভাৰ সাধাৰণ সম্পাদক চাও পুষ্পধৰ শইকীয়াকে ধৰি বহুকেইটা আহোম সংগঠনৰ নেতৃবৃন্দ।
টাই আহোম যুৱ পৰিষদ অসমৰ সম্পাদক বিশ্বজিৎ গগৈয়ে আলোচনা সভাখনৰ বিষয়ে জানিবলৈ দি কয় যে "ছয় জনগোষ্ঠীৰ জনজাতিকৰণ ক লৈ কেন্দ্ৰীয় চৰকাৰৰ যি স্থিতি সেই স্থিতিৰ ওপৰত আলোচনা কৰি আমাৰ ভৱিষ্যত কাৰ্যপন্থা নিৰ্ধাৰণ কৰা হ'ব। জনজাতিকৰণ আমাৰ ন্যায্য দাবী আৰু যিকোনো মূল্যৰ বিনিময়ত এই জনজাতিকৰণ আমি পাবই লাগিব। ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ যি আন্দোলন সেই আন্দোলনত আমি প্ৰথমৰ পৰাই সহযোগ কৰি আহিছো আৰু কৰি যাম।’’