07/06/2019 - 19:58
in
গুৱাহাটীঃ শনিবাৰে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী ৰামদাস আটৱালে ভিভান্তা তাজত এখন সংবাদমেল সম্বোধন কৰি উজলা যোজনাৰ জৰিয়তে ভাৰতবৰ্ষৰ সকলো ধৰ্মৰ লোকৰ মাজত অতি সোনকালে গেছ চিলিণ্ডাৰ প্ৰদান কৰিব আৰু ইতিমধ্যে ভাৰতবৰ্ষৰ ১০,৭৫,০০০ লোকে ওজলা যোজনাৰ জৰিয়তে গেছ চিলিণ্ডাৰ সংযোগ লাভ কৰিছে বুলি উল্লেখ কৰে।
ইয়াৰ ওপৰিও চৰকাৰে গ্ৰহন কৰা বহুকেইখন আঁচনিৰ কথা উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্রী গৰাকীয়ে। লগতে উক্ত সংবাদমেল খনত ৰাহুল গান্ধীক উদ্দেশ্য কৰি কয়" ৰাহুল গান্ধীয়ে পদত্যাগ কৰিব নালাগিছিল। হৰা জিকা সকলোতে থাকে। পদত্যাগ কৰাৰ সলনি ছোনিয়া গান্ধীৰ সৈতে লগ লাগি দলটো শক্তিশালী কৰিব লাগে।