ওদালগুৰিঃ হাগ্ৰামা মহিলাৰীৰ মডেল বিটিচি তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শূন্য শহনশীলতাৰ শ্ল'গান প্ৰহসনত পৰিণত হৈছে ওদালগুৰি জিলাৰ ৰৌতা উন্নয়ন খণ্ডত। উন্নয়ন খণ্ডটোৰ অধীনস্থ ৰৌতা বাগান ভিচিডিচিত এমজিএনৰেগা আঁচনিৰ সৰহ ভাগ ধন কাম নকৰি আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। উক্ত ভিচিডিচিৰ চাহেব আলী নামৰ ব্যক্তি এজনৰ আৰটিআইৰ জৰিয়তে লাভ কৰা তথ্যত পোহৰলৈ আহিছে এই ভয়ংকৰ কেলেংকাৰী।
প্ৰাপ্ত তথ্য মতে বিটিচিৰ ৩৯ নং পাঁচনৈ ছেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰৌতা বাগান ভিচিডিচিত এমজিএনৰেগা আঁচনিৰ ৰাস্তা নিৰ্মাণ, কেনেল মেৰামতি, লেণ্ড ডেভেলপমেন্ট, আৰ্থ ফিল্ডিং আদি বিভিন্ন আঁচনিৰ নামত লাখ-লাখ টকা মোকলাই দিছে যদিও নামমাত্ৰ কাম কৰিয়েই সমুদায় ধন আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ অহাৰ পিছত স্থানীয় ৰাইজ জাঙুৰ খাই উঠিছে। আনকি কিছু সংখ্যক আঁচনিৰ কাম নকৰি সমস্ত ধন মোকলাই নিয়া আৰটিআইৰ জৰিয়তে পোৱা তথ্যত প্ৰকাশ পাইছে।
উদাহৰণস্বৰূপে উক্ত ভিচিডিচিত ২০১৫-১৬ বিত্তীয় বৰ্ষত আবণ্টিত Repairing of Canal from Saidur house to Channiya house আৰু Canal Repairing from Mon bahadur chetry house to Basid Ali house at Dhansirikhuty এই আঁচনি দুখনৰ কামৰ কোনো চিন ছাপে নাই যদিও আঁচনিৰ সমুদায় ধন মোকলাই লোৱাৰ তথ্য স্পষ্টভাৱে প্ৰকাশ পাইছে।
আনহাতে ২০১৭-১৮ বৰ্ষৰ Land Development of near Muftabul Ulum Islamia Madrassa at Rowta Bagan, Land Development of near uttar chuba madrassa at Dhansirikhuti, ২০১৮-১৯ বৰ্ষত আবণ্টিত Land Development with fancing near Gouri Mandir at Dhansirikhuti, Improvement of road Hasmat Ali house to Hem Bahadur chetry house at Rowta Bagan আদি আঁচনিসমূহ নামমাত্ৰ কাম কৰি সৰহ পৰিমাণৰ ধন ইতিমধ্যে ৰৌতা উন্নয়ন খণ্ডৰ পৰা মোকলাই নিছে।
ৰৌতা বাগান ভিচিডিচিৰ সভাপতি অমৰ আলী, উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, অভিযন্তা আৰু জিআৰএছ মিলি উক্ত ভিচিডিচিত বিয়াগোম কেলেংকাৰী সংঘটিত কৰি আছে বুলি আৰটিআই কৰ্মী চাহেব আলীৰ লগতে স্থানীয় ৰাইজে সন্দেহ ব্যক্ত কৰিছে। ইয়াৰ উপৰি IAY, MSDP, IBSকে আদি কৰি বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণত ভিচিডিচিৰ সভাপতিৰ লগতে বিভাগীয় কৰ্তৃপক্ষ জড়িত হৈ লাখ-লাখ টকাৰ অবাধ দুৰ্নীতি সংঘটিত কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।
কিয়নো আৰটিআই কৰ্মীজনে যি সমূহ তথ্য ৰৌতা উন্নয়ন খণ্ডত বিচাৰিছিল তাৰ চাৰি ভাগৰ এভাগ তথ্যও তেওঁক যোগান ধৰা নাই। কাৰণ সেইসমূহ আঁচনিত আৰু অধিক দুৰ্নীতি পোহৰলৈ অহাৰ ভয়তে তথ্য যোগান ধৰা নাই বুলি কৰ্মীজনে অভিযোগ কৰিছে। অন্যহাতে উক্ত ভিচিডিচিৰ সৰ্বসাধাৰণ ৰাইজে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী মডেল বিটিচিৰ শ্ল’গান সাৰ্থক কৰাৰ স্বাৰ্থত দুৰ্নীতিৰ লগত জড়িত বিভাগীয় বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিবলৈ উৰ্ধতন কৰ্তৃপক্ষক আহ্বান জনায়।