কোকৰাঝাৰঃ বিটিএডিৰ কোকৰাঝাৰ চহৰৰ বিলাসী হোটেল গৌৰাং ভেলিত আজি দুপৰীয়া এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়। গেছ অথৰিটী অৱ ইণ্ডিয়া লিমিটেড চমুকৈ "গেইল" পাইপ লাইনৰ বাবে মাটি দিয়া অধিকাৰীসকলক আজি শুনানিত মাতে যদিও গেইলৰ উচ্চ পদস্থ বিষয়াই শুনানিত উপস্থিত নোহোৱাত গেইলৰ কৰ্মীসকলৰ সৈতে তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। তৰ্ক-বিতৰ্ক এসময়ত এনে পৰ্যায় পায়গৈ মাটিৰ অধিকাৰীসকলে গেইলৰ কৰ্মীসকলক চৰিয়াবলৈও উদ্যত হয়৷
মূলতঃ বাৰাউনিৰ পৰা কোকৰাঝাৰ চহৰৰ মাজেৰে গুৱাহাটীলৈ গেইলৰ পাইপলাইন বহুৱা কাৰ্যক লৈ আজি বিতৰ্কৰ সৃষ্টি হয়। মাটি অধিকাৰীসকলৰ দাবী কোনো ক্ষতিপূৰণ নালাগে, নিজৰ মাটি ঘূৰাই লাগে। গেইল কোম্পানীৰ পৰিচালকে উচ্চপদস্থ বিষয়াক লগত লৈ শুনানিত আহিব লাগিছিল যদিও উচ্চ পদস্থ বিষয়াক লৈ নহাত ক্ষুব্ধ হৈ পৰে মাটিৰ অধিকাৰীসকল।
মাটিৰ অধিকাৰীসকলৰ অভিযোগ মতে সুদূৰ বাৰাউনিৰ পৰা গুৱাহাটীলৈ গেইল কোম্পানীয়ে কোকৰাঝাৰ চহৰৰ আশে পাশে বহু গাঁও তথা খেতি নষ্ট কৰি পাইপলাইনৰ ব্যৱস্থা কৰি মাটি অধিকাৰীসকলক সংকটত পেলাব বিচাৰিছে। কৃষকসকলৰ মাটিত উচ্চ ক্ষমতাযুক্ত বিদ্যুৎ পৰিবাহী টাৱাৰ বহুৱাই মাটি নষ্ট কৰি পেলোৱাত মূৰে কপালে হাত দিব লগা হৈছে৷
গেইল কোম্পানীৰ কৰ্তৃপক্ষই কোনো জাননী জাৰি নকৰি জধে-মধে মাটি নষ্ট কৰি পাইপলাইন লৈ যোৱাত আজি মাটি অধিকাৰীসকলে ক্ষুব্ধ হৈ মাটিৰ ক্ষতিপূৰন নালাগে বুলি স্পষ্ট কৰি দি আমাৰ মাটি আমাক ঘূৰাই দিয়ক বুলিও দাবী উত্থাপন কৰিছে৷ তদুপৰি পাইপলাইনৰ ব্যৱস্থা কৃষকসকলৰ মাটিৰে নহয় বৰঞ্চ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে কৰক বুলি দাবী কৰিছে মাটিৰ অধিকাৰীসকলে৷