বিজেপিৰ প্ৰায় চূড়ান্ত তেজপুৰ সমষ্টিৰ প্ৰাৰ্থী

 03/20/2019 - 20:02

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ বাবে বৰ্তমানলৈকে ঘোষণা কৰা হোৱা নাই বিজেপিৰ প্ৰাৰ্থী তালিকা৷ ১০টা সমষ্টিৰ ভিতৰত ৮টা সমষ্টিত প্ৰাৰ্থীৰ নাম প্ৰায় চূড়ান্ত কৰা হয়৷ তাৰ ভিতৰত তেজপুৰ আৰু নগাঁও সমষ্টিৰ প্ৰাৰ্থীক লৈ এক জটিলতাৰ সন্মুখীন হোৱা দেখা গৈছিল বিজেপি দলৰ৷ কিন্ত শেহতিয়াভাৱে ঘোষণা কৰাৰ সম্ভাৱনা তেজপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীৰ নাম৷

তেজপুৰ সমষ্টিৰ বাবে কেইবাজনো নেতাৰ হেতাওপৰা লাগিছিল প্ৰাৰ্থিত্বৰ বাবে৷ কিন্তু তেজপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ বাবে ২০১৯ লোকসভা নিৰ্বাচনত ৰাজেন বৰঠাকুৰৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা৷ এই ইংগিত দিয়ে বিজেপিৰ শীৰ্ষ নেতৃত্বই৷ এই মুহূৰ্তলৈকে প্ৰায় চূড়ান্ত ৰাজেন বৰঠাকুৰৰ নাম৷ বুধবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব বিজেপি প্ৰাৰ্থীৰ নাম৷ কংগ্ৰেছ প্ৰাৰ্থী ভানুৰ বিপৰীতে বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব ৰাজেন বৰঠাকুৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।