যোৰহাটত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান

 07/06/2019 - 21:06

যোৰহাটঃ পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান দহোটীয়া উচ্চত্তৰ মাধ্যমিক বিদ্যালয়ত আজি পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰক্তিম বৰাৰ পৌৰাহিত্যত অনুষ্ঠিত হৈ যায়। পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আদিত্য হাজৰিকাই উদ্দেশ্যে ব্যাখ্যা আৰু আদৰণি ভাষণ আগবঢ়ায়।

অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগে ছাত্ৰ-ছাত্ৰীসকলে নম্বৰ অৰ্জনেৰে শৈক্ষিক জীৱন আগবঢ়াই নিয়াৰ সমান্তৰালকৈ সমাজৰ প্ৰতি দায়িত্বশীল হ’বলৈ আহ্বান জনাই ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ওপৰত বক্তব্য আগবঢ়ায়৷

অন্যহাতে অসমৰ ৫০০০ হাজাৰ এজনীয়া শিক্ষকে চলা প্ৰাথমিক বিদ্যালয়ৰ কেনেদৰে চলিছে মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীয়ে নিজে পাঠদান দিলেহে আচল কথাটো উপলব্ধি কৰিব পাৰিব বুলি ছাত্ৰ সন্থাৰ জিলা সম্পাদকগৰাকীয়ে কয়৷ অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ধলাজান কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিপুল বৰা, দোহটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মামনি দাস, চিত্ৰলেখা শিক্ষা বিকাশ মন্দিৰ প্ৰধান শিক্ষক প্ৰবিন ৰাজখোৱা, পোৰনি মাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মুনিন্দ্ৰ নেওগ, চৰাইবাহী বিদ্যাপীঠৰ প্ৰধান শিক্ষক আলোক গোস্বামী, পুলিবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিণ্টু সন্দিকৈ জিলা ছাত্ৰ শিক্ষা সম্পাদক ৰাজীব বৰাই অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায়৷

পশ্চিম যোৰহাটৰ শিক্ষানুষ্ঠানসমূহৰ ১৩০ জন কৃতিমান ছাত্ৰ-ছাত্ৰীক কিতাপৰ টোপোলা এটি ফাইল কভাৰ আৰু এখনি অভিনন্দন পত্ৰ প্ৰদান কৰে৷ অভিনন্দন অনুষ্ঠানটি আঁত ধৰে মহকুমা ছাত্ৰ সন্থাৰ সদস্য দেবাশিস বৰদলৈয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।