নগাঁওঃ ৰঙাজিঞাৰ কবি, কাঠনিবাৰী ঘাটৰ স্ৰষ্টা, সাহিত্যাচাৰ্য মহিম বৰাৰ শনিবাৰে ৯৬সংখ্যক জন্মদিন। সাহিত্যাচাৰ্য গৰাকীৰ জন্মদিনত শনিবাৰে নগাঁও কলেজৰ চৌহদত ১৯৯৮-২০০৩ বৰ্ষৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত নিৰ্মিত কলেজৰ প্ৰাক্তন অধ্যাপক সাহিত্যাচাৰ্য মহিম বৰাৰ এটি আৱক্ষ মূৰ্তি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙে উদ্বোধন কৰে।
সাহিত্যাচাৰ্য গৰাকীৰ আৱক্ষ মূৰ্তিটো উন্মোচন কৰি আৱেগিক হৈ পৰে ৰংমিলিৰ হাঁহিৰ স্ৰষ্টা তেৰাং। দুচকু পানীৰে উপচি পৰে ৰংবং তেৰাঙৰ। উল্লেখ্য যে কথাশিল্পী মহিম বৰা আছিল ৰংবং তেৰাঙৰ শিক্ষাগুৰু। নগাঁও কলেজৰ অসমীয়া বিভাগৰ অনাৰ্চৰ প্ৰথম দলৰ ছাত্ৰ আছিল ৰংবং তেৰাঙ। সেয়া আছিল ১৯৫৮ চনৰ কথা।
আৱক্ষ মূৰ্তিটো উন্মোচন কৰি ১৯৫৮ চনৰ নগাঁও কলেজৰ দিনবোৰ স্মৰণ কৰি ৰংবং তেৰাঙে কয় যে তেওঁ কলাগুৰু বিষ্ণপ্ৰসাদ ৰাভাক প্ৰথম নগাঁও কলেজৰ বৰদলৈ হলত দেখা পাইছিল। নগাঁও কলেজত কাৰ্বি আংলং জিলাৰ পৰা আহি ভাৰাঘৰত থাকি পঢ়া দিনবোৰৰ স্মৰণ কৰি নষ্টালজিক হৈ পৰে ৰংবং তেৰাং। মহিম বৰাৰ জীৱন আৰু সাহিত্যৰ সন্দৰ্ভত এক মনোজ্ঞ বক্তৃতা প্ৰদান কৰি ৰংবং তেৰাঙে কয় যে কলং এটি যাত্ৰা নহয়, কলং সৃষ্টিৰ উৎস।
মহিম বৰাৰ আৱক্ষ মূৰ্তিটো সাহিত্য সৃষ্টিৰ প্ৰেৰণাৰ উৎস হৈ চিৰকাল উজলি থাকিব বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে। নগাঁও কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ৰংবং তেৰাঙে আৰু কয় যে সাহিত্যাচাৰ্য মহিম বৰাৰ জন্মদিনটো গল্পৰ দিন। ১৯৯৮ চনৰ পৰা ২০০৩ বৰ্ষৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ উদ্যোগত আয়োজিত মহিম বৰাৰ প্ৰতিমূৰ্ত্তিৰ উন্মোচনী অনুষ্ঠানত 'মহিম বৰালৈ শ্ৰদ্ধাঞ্জলি' শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে। গ্ৰন্থখন উন্মোচন কৰি বৰকটকীয়ে কয় যে মহিম বৰা বিশাল প্ৰতিভাৰ অধিকাৰী আছিল৷ এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে নিউজ লাইভৰ মুখ্য পৰিচালন সম্পাদক জেৰিৰ হুছেইনে অংশগ্ৰহণ কৰে।
প্ৰয়াত সাহিত্যাচাৰ্যগৰাকীৰ নাতিনী শ্ৰেয়া বৰাই মহিম বৰাৰ "ৰঙাজিঞা" কবিতাটি আবৃত্তি কৰি সকলোকে মুগ্ধ কৰে। সভাপতিৰ ভাষণত অধ্যক্ষ ড০ বৰকটকীয়ে কয় যে অসমীয়া সাহিত্যক বিশ্বমানৰ সাহিত্যৰ শাৰীলৈ নিজস্ব প্ৰতিভাৰে মহিম বৰাই লৈ যাবলৈ সক্ষম হৈছিল। তেওঁৰ কালজয়ী ৰচনাসমূহৰ ওপৰতো ড০ বৰকটকীয়ে আলোকপাত কৰে। এই অনুষ্ঠানতে নগাঁও কলেজৰ তৰফৰ পৰা প্ৰাক্তন ছাত্ৰৰ দলটোক সম্বৰ্দ্ধনা জনোৱা হয়।
অৱসৰপ্ৰাপ্ত উপায়ুক্ত চন্দ্ৰমোহন কাকতিয়েও মহিম বৰাৰ সাহিত্য কৃতিৰ ওপৰত ভাষণ দিয়ে। মহিম বৰাৰ আৱক্ষ মূৰ্তি উন্মোচনৰ ক্ষনত কলেজখনৰ ভিতৰত এক উদুলি মুদুলি পৰিবেশে বিৰাজ কৰে। গল্পকাৰ শিৱানন্দ কাকতি, প্ৰাক্তন অধ্যাপক গুণ শইকীয়া, ড০ চিন্তামনি শৰ্মা, নৱ কুমাৰ মহন্ত, ড০ দীপা ডেকা, কল্পনা হাজৰিকা গায়ন, ৰতিমোহন নাথ, সোমেশ্বৰ দেৱ শৰ্মা, ভৱেশ মেধিকে আদি কৰি বহুতো গণ্য মান্য ব্যক্তিয়ে এই সভাত অংশ গ্ৰহণ কৰে। আৱক্ষ মূৰ্তিৰ নিৰ্মাতা দিগন্ত মাধৱ গোস্বামীয়ে মূৰ্তিটো নিৰ্মাণৰ সময়ত মনত সৃষ্টি হোৱা স্নেহ আৰু ভক্তিৰ কথা প্ৰকাশ কৰে।