বিশ্বকাপ ক্ৰিকেটৰ অন্তিম লীগ মেচৰ বতৰা

 07/07/2019 - 13:17

ডিজিটেল ডেস্কঃ আইচিচি বিশ্বকাপ ক্ৰিকেট-২০১৯ৰ অন্তিম লীগ মেচ শনিবাৰে অনুষ্ঠিত হয়। ৪৪ সংখ্যক আৰু ৪৫ সংখ্যক মেচ দুখন আছিল ক্ৰমে ভাৰত বনাম শ্ৰীলংকা আৰু অষ্ট্ৰেলিয়া বনাম ছাউথ আফ্ৰিকা। ভাৰতীয় সময় অনুসৰি বিয়লি ৩ বজাৰ পৰা লীডছৰ হেডিংলে খেলপথাৰত অনুষ্ঠিত হোৱা ৪৪ সংখ্যক মেচত প্ৰথমে বেটিং কৰি শ্ৰীলংকাই ৫০ অভাৰত ৭টা উইকেট হেৰুৱাই ২৬৪ ৰান সংগ্ৰহ কৰে।

তাৰ বিপৰীতে ভাৰতে ৪৩.৩ অভাৰত ৩টা উইকেট হেৰুৱাই ২৬৫ ৰান কৰে। ৭ উইকেটৰ ব্যৱধানত ভাৰতে পৰাস্ত কৰে শ্ৰীলংকাক। ৯৪টা বলত ১০৩ ৰান কৰি ৰোহিত শৰ্মা হয় মেন অৱ দ্য মেচ।

আনহাতে ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬ বজাৰ পৰা মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ড খেলপথাৰত অনুষ্ঠিত হোৱা ৪৫ সংখ্যক মেচত ছাউথ আফ্ৰিকাই প্ৰথমে বেট ধৰি ৫০ অভাৰত ৬টা উইকেট হেৰুৱাই ৩২৫ ৰান সংগ্ৰহ কৰে।

আনহাতে অষ্ট্ৰেলিয়াই ৪৯.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৩১৫ ৰান কৰে। ১০ ৰানত ছাউথ আফ্ৰিকাৰ হাতত পৰাস্ত হয় অষ্ট্ৰেলিয়া। ছাউথ আফ্ৰিকাৰ ফাফ দু প্লেছিছে ৯৪টা বলত চেঞ্চুৰী কোবাই মেন অৱ দ্য মেচৰ খিতাপ লাভ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।