গুৱাহাটীঃ বিজেপি দলৰ লক্ষ্য প্ৰতিটো পৰিয়ালৰে নূন্যতম এজন হলেও ব্যক্তিক দলটোৰ সদস্য কৰি সংগঠনটো অধিক শক্তিশালী কৰি তোলা। ৬ জুলাইত সমগ্ৰ অসমতে জনসংঘৰ প্ৰতিষ্ঠাতা ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্মজয়ন্তী দিৱসৰ লগত সংগতি ৰাখি প্ৰাথমিক সদস্য অন্তভুৰ্ক্তি অভিযান আৰম্ভ কৰিছে। অসমৰ আন আন প্ৰান্তৰ লগতে জালুকবাৰী সমষ্টিৰ অন্তৰ্গত আমিনগাঁৱৰ বেংগলী হাইস্কুলত শনিবাৰে দিনৰ তিনি বজাত সদস্যভৰ্তি অভিযানৰ শুভাৰম্ভ কৰা হয়।
এই উপলক্ষে আয়োজিত সাংগঠনিক সভাত সংগঠন পৰ্ব, সদস্যতা অভিযান শুভাৰম্ভ কৰে ৰাজ্যিক উপ সভাপতি মনোজ ৰাম ফুকনে। ৰাজ্যিক সদস্য শংকৰ ডে, জেষ্ঠনেতা মদন ডেকা, জিলা উপ সভাপতি তপন দাস, জিলা সম্পাদক কুশল দাস, জালুকবাৰী মণ্ডলৰ সভাপতি কল্লোল চক্ৰৱৰ্তী, বেজেৰা মণ্ডল সভাপতি অৰুণ বড়ো, শুৱালকুছি মণ্ডল সভাপতি হেম চন্দ্ৰ বৈশ্য প্ৰমূখ্যে দল কৰ্মকৰ্তাসকল উপস্থিত থাকি সদস্য ভৰ্তি অভিযান আৰম্ভ কৰে।
অনুষ্ঠানত মুঠ সদস্য ২১০ গৰাকী লোকক নতুন সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ লগে লগে জালুকবাৰী সমষ্টি ভিত্তিত নতুন সদস্য ভৰ্তি অভিযান আৰম্ভ হয়। মোবাইল ফোন যোগে ৮৯৮০৮০৮০৮০ নম্বৰত ডায়েল কৰিও ইচ্ছুক ব্যক্তিসকলে বিজেপি দলত সদস্য হিচাপে যোগদান কৰিব পাৰে বুলি দলটোৰ তৰফৰ পৰা জানিবলৈ দিছে।