মঙলদৈত ভ্ৰাম্যমাণ থিয়েটাৰৰ মইমতালিৰ বিৰুদ্ধে একত্ৰিত হ’ল আহ্বায়ক সমিতি

 07/07/2019 - 13:42

মঙলদৈঃ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ সম্পৰ্কত শেহতীয়াকৈ বিভিন্ন মহলত বিতৰ্ক চলি থকাৰ সময়তে পোনপ্ৰথমবাৰৰ বাবে মঙলদৈৰ চপাই থিয়েটাৰ পৰিচালনা সমিতিৰ উদ্যোগত বহুকেইখন থিয়েটাৰ পৰিচালনা সমিতি আলোচনাত মিলিত হৈ সংবাদ মেল সম্বোধন কৰে। ভ্ৰাম্যমাণৰ ভিতৰ চ'ৰাত ঘটি থকা কিছুমান অবাঞ্চিত কাৰ্যৰ সম্পৰ্কত মুকলিকৈ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

পাঁচ সহস্ৰাধিক শিল্পী, কলা কুশলী জড়িত থকা অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ বৰ্তমান এক সংকটজনক অৱস্থালৈ গতি কৰা বুলি উল্লেখ কৰি অচিৰেই থিয়েটাৰ প্ৰযোজক আৰু থিয়েটাৰ আহ্বায়ক সমিতিৰ মাজত বহল ভিত্তিত এখনি যুটীয়া সভা আয়োজনৰ পদক্ষেপ ল’বলৈ প্ৰযোজক সন্থাক আহ্বান জনায়।

তদুপৰি বৰ্তমান অধিকাংশ নাটকৰ কাহিনী একেবাৰে সস্তীয়া, ঘটনাৰ কোনো গতিশীলতা নথকা, মচলাধৰ্মী চিনেমাৰ দৰে হোৱাত উদ্বেগ প্ৰকাশ কৰি ভ্ৰাম্যমাণ থিয়েটাৰ যাতে 'ভ্ৰাম্যমাণ থিয়েটাৰ' হৈয়েই থাকে তাৰ প্ৰতি নজৰ দিবলৈ প্ৰযোজক সন্থাক আহ্বান জনায়। থিয়েটাৰ পৰিচালনা সমিতিসমূহে একত্ৰিত হৈ ৯ টা প্ৰস্তাৱ গ্ৰহণ কৰে।

লগতে থিয়েটাৰ আহ্বায়ক সমিতিসমূহে ভ্ৰাম্যমাণ থিয়েটাৰক চিনেমা নকৰিবলৈ আহ্বান জনোৱাৰ লগতে নবীন নাট্যকাৰক গুৰুত্ব প্ৰদানৰ আহ্বান জনায়। অসমৰ কলা কৃষ্টি উদ্ভাসিত নোহোৱাত উদ্বেগ প্ৰকাশ কৰে। লগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ ভিতৰ চৰাত শেহতীয়াভাৱে চলি থকা নাটক বিতৰ্কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এগৰাকী মাতৃয়েও সুস্থ-সবল সন্তান জন্ম দিয়াৰ সীমাবদ্ধতা থাকে। গতিকে নিদিষ্ট এজন বা দুজন নাট্যকাৰক গুৰুত্ব নিদি নবীন নাট্যকাৰৰ নাটক আৰু প্ৰবীন নাট্যকাৰৰ কিছুমান নাটকক গুৰুত্ব প্ৰদানৰ আহ্বান।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।