বিলাসীপাৰাত জীৱন্তে অগ্নিদগ্ধ হৈ শিশুৰ মৃত্যু

 03/20/2019 - 20:32

বিলাসীপাৰা: বিলাসীপাৰা মহকুমাৰ নুনমাটি ২য় খণ্ড ছিঙ্গুলিপাৰা গাঁৱত যোৱা নিশা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডত এটি ৩ বছৰীয়া কন্যা শিশু জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয়| এই অগ্নিকাণ্ডত গাঁওখনৰ ৮টা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হয় ৫ জনকৈ ব্যক্তি| ঘটনাৰ বিৱৰণী অনুসৰি যোৱা নিশা গাঁওখনৰ বাসিন্দা ছানোৱাৰ আলীৰ ঘৰত গেছ চিলিণ্ডাৰ বিস্ফোৰণ হৈ জুইৰ সূত্ৰপাত হয়|

নিশাৰ আহাৰ ৰান্ধি থকা অৱস্থাত অকস্মাতে ৰন্ধন গেছৰ ছিলিণ্ডাৰ বিস্ফোৰণ ঘটি সংঘটিত হোৱা জুয়ে বিধ্বংসী ৰূপ ধাৰণ কৰে| এই জুয়ে নিমিষতে গাঁওখনৰ আনোৱাৰ হুছেইন, শুকুৰ আলী, বাহাৰ আলী, জেল হক, ৰেজাবুল হক, মজিবৰ ৰহমান আৰু নিজানুৰ ৰহমানৰ ঘৰলৈ সম্প্ৰসাৰিত হয়| বিধ্বংসী ৰূপ ধাৰণ কৰা জুইত পৰিয়াল ৮টাৰ বাসগৃহসমূহ ভস্মীভূত হয়|

পিছত স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় যদিও অগ্নিকাণ্ডৰ ফলত বাহাৰ আলীৰ ৩ বছৰীয়া কন্যা শিশু বাহাতুন নেছা জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে| আনহাতে ঘটনাত গুৰুতৰভাৱে বাহাৰ আলী, ছানোৱাৰ আলী, ছফিয়াৰ ৰহমান, জেল হক আৰু শুকুৰ আলী আঘাতপ্ৰাপ্ত হয়| পৰৱৰ্তী সময়ত আঘাতপ্ৰাপ্তসকলক চাপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়|

ইফালে অগ্নিকাণ্ডৰ ফলত পৰিয়ালকেইটাৰ কেইবাটাও পশুধনসহ ধান, সৰিয়হ, তিল, ধনীয়া আদিৰ লগতে গুৰুত্বপূৰ্ণ নথি-পত্ৰ আদিও পুৰি ছাই হয়| অগ্নিকাণ্ডত প্ৰায় এক কোটি টকাৰ সা-সম্পত্তি ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে| নিশাই ঘটনাস্থলীত বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া সুব্ৰত সেন আৰু চক্ৰ বিষয়া নৱজিৎ পাঠক উপস্থিত হৈ ঘটনাৰ বুজ লয়| সমগ্ৰ ঘটনাই অঞ্চলজুৰি এক অবৰ্ণনীয় পৰিস্থিতি সৃষ্টি কৰাৰ লগতে এক শোকাকুল পৰিবেশ বিৰাজ কৰিছে| 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।