শিৱসাগৰত ফেঁটী সাপৰ আতংক

 07/07/2019 - 15:51

শিৱসাগৰঃ কেইবা দিন ধৰি শিৱসাগৰৰ এটা পৰিয়ালৰ মাজত সৃষ্টি হৈছে তীব্র আতংক। শিৱসাগৰ নগৰৰ সমীপৰ বনিয়া বাৰীৰ মুকুট আলম হুছেইনৰ পৰিয়ালটোৰ আতংকৰ কাৰণ হৈছে এহাল প্ৰকাণ্ড ফেটী সাপ আৰু সাপহালৰ ২৫-৩০ তা কণী। এই ফেটী সাপহালে বাঁহ লৈছে মুকুট আলম নামৰ ব্যক্তিজনৰ ঘৰৰ পিৰালিত। বনিয়া বাৰীৰ লোকজনৰ ঘৰৰ পিৰালিত ২৫-৩০ তা কণীও পাৰিলে সাপহালে।

লোকজনৰ পিৰালিত দমাই থোৱা এটা টিনৰ দমৰ মাজত প্ৰথমে প্ৰত্যক্ষ কৰে ঘৰত কাম কৰিব অহা লোকে সাপহালৰ সৈতে কণীকেইটা। সাপৰ আতংকত এতিয়া কম্পমান মুকুট আলম হুছেইনৰ পৰিয়াল। উল্লেখ্য বনিয়া বাৰীৰ এঘৰত ২৫-৩০ তা কণীৰ সৈতে ফেটী সাপে আশ্ৰয় লোৱা খবৰ বন বিভাগক দিয়া হৈছিল যদিও বন বিভাগৰ পৰা নাপালে কোনো সঁহাৰি। সাপ ধৰিবলৈ কোনো সঁজুলি নাই বন বিভাগৰ।

যাৰ বাবে উপায়ন্তৰ হৈ পৰিয়ালটো কাষ চাপিছে বন্য প্ৰাণী সুৰক্ষাৰ কামত নিয়োজিত বেচৰকাৰী সংস্থাৰ। ইতিমধ্যে কণীসমূহৰ সৈতে সাপ হাল উদ্ধাৰৰ বাবে গোলাঘাটৰ এটা বন্য প্ৰাণী সংস্থাই প্ৰদক্ষেপ হাতত লৈছে। ইফালে ফেঁটী সাপ হালৰ সৈতে কণী চাবলৈ বনিয়া বাৰীৰ মুকুট আলম হুছেইনৰ ঘৰত দৈনিক অগণন লোকৰ আগমন ঘটিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।