হোজাইত প্ৰৱঞ্চনাৰ বলি ৪ জন

 07/07/2019 - 16:11

হোজাইঃ অসম আৰক্ষীৰ মৌনতাৰ সুযোগ গ্ৰহণ কৰি একাংশ প্ৰৱঞ্চকে জাল মেলিছে এইখন অসমত। তেনে এক অনুৰূপ ঘটনা সংঘটিত হৈছে হোজাইত। হোজাইৰ কাকীৰ তাজ উদ্দিন নামৰ এজন প্ৰৱঞ্চকৰ প্ৰৱঞ্চনাৰ বলি হৈছে চাৰিজনকৈ লোক। তেওঁলোক ক্ৰমে ৰুছ উদ্দিন, হিফজুৰ ৰহমান, ৱাহিদুৰ ৰহমান আৰু চাৰিমুল হুছেইন। জানিব পৰা মতে প্ৰবঞ্চক তাজ উদ্দিনে "দা অল নেটৱৰ্ক" নামৰ এটা Youtube চেনেল খোলাৰ কাৰণে এই চাৰিজন লোকৰ পৰা লৈছিল এক বৃহৎ সংখ্যক ধন।

প্ৰবঞ্চক তাজ উদ্দিনে ভুক্তভোগী কেইজনৰ লগত হোৱা চুক্তি পত্ৰত উল্লেখ কৰিছিল Youtube চেনেলৰ নামত খৰছ হোৱা সকলো ধন আৰু Youtube ৰ পৰা উপাৰ্জন হোৱা সকলো ধন তেওঁলোকৰ মাজত সমানে ভাগ হ’ব। কিন্তু অতি পৰিতাপৰ বিষয় Youtube ৰ পৰা উপাৰ্জন হোৱা সকলো ধন অতি কৌশলৰে প্ৰবঞ্চকজনে তেওঁৰ ব্যক্তিগত একাউণ্টত সোমাই আত্মসাৎ কৰে।

ভুক্তভোগী চাৰিজনে এই বিষয়ে যোৱা ৩০ জুনত কাকী আৰক্ষী থানাত এহেজাৰ দাখিল কৰে। এহেজাৰৰ ভিত্তিত কাকী আৰক্ষীয়ে প্ৰবঞ্চক তাজ উদ্দিনক গ্ৰেপ্তাৰ কৰে যদিও বৃহৎ অংকৰ বিনিময়ত এৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে। হোজাই জিলা প্ৰশাসনে কাকী আৰক্ষী আৰু প্ৰবঞ্চক তাজ উদ্দিনৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া সময়ত হে লক্ষণীয় হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।