দৰঙত ৭ বছৰীয়া শিশুক বিদেশী ঘোষণা

 07/07/2019 - 16:29

ডিজিটেল ডেস্কঃ দৰঙত এটি ৭ বছৰীয়া শিশুক বিদেশী ঘোষণা কৰিছে এনআৰচিৰ কৰ্তৃপক্ষই। খাৰুপেটীয়াৰ মাগুৰমাৰী গাঁৱৰ আইজুদ্দিন নামৰ শিশুটিক বিদেশী ঘোষণা কৰে।

এনআৰচিৰ কৰ্তৃপক্ষৰ এনে কাণ্ডত হাৰাশাস্তিৰ সন্মুখীন হৈছে শিশুটিৰ পৰিয়ালটো। উল্লেখ্য যে প্ৰথম আৰু চূড়ান্ত খচৰাত নাম থকা সত্বেও এনআৰচিৰ কৰ্তৃপক্ষৰ হেমাহিৰ বাবে এনে কাণ্ড সংঘটিত হৈছে বুলি গাঁওবাসীয়ে অভিযোগ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।