লখিমপুৰৰ দুলুং বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে গছ পুলি ৰোপণ

 07/07/2019 - 16:35

লখিমপুৰঃ বন মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰচেষ্টা নামৰ এনজিঅ'ৰ প্ৰশংসনীয় পদক্ষেপ। হাতী-মানুহৰ সংঘাত ৰোধৰ মহৎ উদ্দেশ্যেৰে দুলুং বনাঞ্চলত গছ পুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰে। বিগত দিনত খাদ্যৰ বাবে হাতী জনাঞ্চললৈ ওলাই আহি হাতী-মানুহৰ সংঘাত বৃদ্ধি পোৱা তথা বহুকেইটা হাতী ৰে'লৰ খুন্দাত মৃত্যু হোৱাক কেন্দ্ৰ কৰি হাতী ৰখাৰ উদ্দেশ্য এই পদক্ষেপ হাতত লয়।

দুলুং বনাঞ্চলৰ বাঘিনীজানৰ পৰা দুই কিলোমিটাৰ আঁতৰত শতাধিক কলগছ, আনাৰস, কঁঠাল গছ ৰোপণ কৰে বেচৰকাৰী সংস্থাটোৰ শতাধিক সদস্যই। হাতী ৰক্ষাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে সংস্থাটোৱে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।