হাউলীঃ বৰপেটা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে হাউলী পৌৰ সভাৰ উদ্যোগত আজি দিনৰ ৯ বজাৰ পৰা স্বচ্ছ ভাৰত কাৰ্যসূচী ৰূপায়ণ কৰা হয়| উক্ত কাৰ্যসূচীত হাউলীস্থ সীমা সুৰক্ষা বল, চিআৰপি আৰু হাউলী পৌৰ এলেকাৰ আত্ম সহায়ক গোটসমূহৰ কৰ্মীসকলে হাতে-হাতে ঝাড়ু, দা, কোৰ আদিলৈ হাউলীৰ চুকে-কোণে চাফাই আভিযান চলাই পৰিস্কাৰ কৰে।
ইয়াৰ পিছত পুৱা দহ বজাত হাউলী চাৰিআলি চকত গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই| উক্ত কাৰ্যসূচীত হাউলী পৌৰ সভাৰ কাৰ্যবাহী বিষয়া সাধন সৰকাৰ, হাউলী পৌৰ সভাৰ সভানেত্রী ববিয়াৰা বেগম, উপ সভাপতি বিমল কৰ্মকাৰ, ৱাৰ্ড আয়ুক্ত দ্বয় ৰহিজ উদ্দিন, ভাৰতী ৰাণী সাহা, হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন গোস্বামী, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক মোৱাজ্জম হুছেইন আদি উপস্থিত থাকি নগৰৰ বিভিন্ন ঠাইত গছপুলি ৰোপণ কৰে| হাউলী পৌৰ সভা আৰু জিলা উপায়ুক্তৰ এনে প্ৰচেষ্টাক স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।