কৰিমগঞ্জঃ কি চলিছে ৰাজ্যৰ শিক্ষা বিভাগত। অভিভাৱকহীন হৈ পৰিছে নেকি ৰাজ্যৰ শিক্ষা ব্যৱস্থা। কৰিমগঞ্জৰ পাথাৰকান্দি শিক্ষাখণ্ডৰ অন্তর্গত সাতৰাগুল ফৰেষ্ট এল পি স্কুলখনৰ এক আজব কাণ্ড। চৰকাৰী নির্দেশ মতে, সাত জুলাইৰ পৰা স্কুলসমূহৰ গৰমৰ বন্ধ দিয়াৰ কথা। কিন্তু সাতৰাগুল এল পি স্কুলখনত ৩ জুলাইৰ পৰা প্ৰধান শিক্ষক মলয়া দাসে গৰমৰ বন্ধ দিয়ে।
আন স্কুলসমূহত পাঠদানকাৰ্য চলি থকা দেখি সন্দেহ হয় স্থানীয় ৰাইজৰ আৰু স্কুলৰ সম্মুখত ভিৰ হয়হি। ঘটনা সন্দৰ্ভত স্কুলত উপস্থিত হয়হি বিজেপি নেত্ৰী শিপ্ৰা জৈন। স্থানীয় ৰাইজ আৰু অভিভাৱকসকলৰ পৰা সমগ্ৰ ঘটনাৰ বুজ লৈ বিজেপি নেত্ৰীগৰাকীয়ে কৰিমগঞ্জৰ শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে যোগাযোগ কৰে।
প্ৰধান শিক্ষক মলয় দাস আৰু শিক্ষয়িত্ৰী শৱনম বৰভূঞাৰ বিৰুদ্ধে কঠােৰ ব্যৱস্থা লোৱাৰ দাবি উত্থাপন কৰে স্থানীয় ৰাইজে।
উক্ত স্কুলখনত মুঠ ১১৯ জন ছাত্র-ছাত্রী আছে। প্ৰায় আঠ মাহ ধৰি ছাত্ৰ-ছাত্ৰীসকলে মধ্যাহ্ন ভোজনৰ পৰাও বিৰত হৈ আছে বুলি ক্ষােভ প্ৰকাশ ৰাইজৰ।