কামৰূপঃ গজেন চৌধুৰী ভ্ৰাম্যমাণ থিয়েটাৰ দৰ্শকৰ বাবে এটা চিনাকি নাম। নিজৰ অভিনয়েৰে দৰ্শকক হাঁহিৰ খোৰাক দিয়া অভিনেতা গজেন চৌধুৰী এতিয়া কেনে আছে। বিগত তিনি বছৰ ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ শয্যাসায়ী শিল্পীজন। আৰ্থিক দীনতাই জুৰুলা কৰা শুৱালকুছিৰ গজেন চৌধুৰীয়ে চিকিৎসাৰ অভাবত দুৰ্বিসহ জীৱন অতিবাহিত কৰিছে।
নটৰাজ থিয়েটাৰ, কহিনুৰ থিয়েটাৰ, ৰাজশ্ৰী, ভাগ্যদেৱী থিয়েটাৰকে ধৰি মুঠ ২২ খন আগশাৰীৰ থিয়েটাৰত নিজৰ অভিনয়েৰে দৰ্শকক মুগ্ধ কৰা অভিনেতাজনৰ আজি এই অৱস্থা। তিনি বছৰে বিছনাখনক সাৰথি কৰি জীয়াই আছে মানুহজন। ৩৫ বছৰ কাল নিজৰ দুৰ্দান্ত অভিনয়েৰে দৰ্শকক হাঁহিৰ খোৰাক দিয়া অভিনেতাজনে আজি চকুৰ পানীৰে বাট নেদেখা হৈছে।
শিল্পীৰ মাননি বিতৰ্ক, নাটক চুৰি, অভিনেত্ৰীক নিৰ্যাতন প্ৰসংগত বিতৰ্কত ভ্ৰাম্যমাণ থিয়েটাৰ। কিন্তু ভ্ৰাম্যমাণলৈ অনবদ্য অৱদান আগবঢ়োৱা অভিনেতা গজেন চৌধুৰীৰ খবৰ লৈছে নে কোনোবাই! আজি তিনি বছৰে এনেদৰে বিছনাত পৰি আছে অভিনেতা গজেন চৌধুৰী। পত্নীয়ে তাঁত শালত কাপোৰ বৈ বিক্ৰি কৰি কোনোমতে যোগাৰ কৰিছে পেটৰ ভাত মুঠি। কোনো সদাশয় ব্যক্তি আগবাঢ়ি আহিব নে গজেন চৌধুৰীক সহায় কৰিবলৈ!
আজিলৈ কোনো এখন থিয়েটাৰৰ প্ৰযোজক পৰিচালকৰ খবৰ ল’বলৈ আহৰি নাই গজেন চৌধুৰীৰ। গজেন চৌধুৰী সুস্থ হ’বলৈ এতিয়া প্ৰয়োজন আপোনাৰ মোৰ সহায়ৰ!