07/07/2019 - 20:10
in
কৰিমগঞ্জঃ ৰাতাবাৰীৰ দলগাঁৱত সংঘটিত হয় এক লােমহৰ্ষক ঘটনা। দিন দুপৰতে কালি চােকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে ভাতৃয়ে। সম্পত্তিক লৈ দুই ভাতৃৰ মাজত কাজিয়া আৰম্ভ হয় আৰু আলিমউদ্দিন নামৰ লােকজনক নিজ ভাতৃ আৰু ভতিজাই চােকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে।
মৃত আলিমউদ্দিনৰ পত্নীৰ অভিযোগ মতে ভাতৃ আৰু ভতিজাৰ চােকা অস্ত্ৰৰ আঘাটত স্বামীৰ প্ৰাণ যায় আৰু পৰিয়ালৰ আন সদস্যও এই ঘটনাত জৰিত বুলি প্ৰকাশ কৰে।
ৰাতাবাৰী আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ মৰণােত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটােত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে।