সন্ত্রাসবাদৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ পাকিস্তানক তীব্ৰ সকীয়নি আমেৰিকাৰ

 03/21/2019 - 14:46

ডিজিটেল ডেস্ক: ভাৰতক পুনৰ আক্ৰমণ নকৰিবলৈ পাকিস্তানক তীব্ৰ সকীয়নি আমেৰিকাৰ। বুধবাৰে হোৱাইট হাউছত অনুষ্ঠিত হোৱা এক সংবাদমেলত এই কথা ব্যক্ত কৰে আমেৰিকাৰ জ্যেষ্ঠ বিষয়ববীয়াই। ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক যাতে আৰু অধিক অৱনতি নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে বিষয়াগৰাকীয়ে।

ইয়াৰ ব্যৱস্থা হিচাপে পাকিস্তানৰ সন্ত্রাসবাদী সংগঠন জইচ-ঈ-মহম্মদ আৰু লস্কৰ-ঈ-তৈবাক সমূলে নিঃশেষ কৰিবলৈ নিৰ্দেশ দিয়ে। কোনো কাৰণতে যাতে পুলৱামাত সংঘটিত হোৱা নাৰকীয় ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশনা জাৰি কৰিছে আমেৰিকাই।

বিষয়াজনে লগতে অভিযোগ কৰে যে, পাকিস্তানে সন্ত্রাসবাদীক আটক কৰে যদিও কিছুদিনৰ পিছতেই পুনৰ মুকলি কৰি দিয়ে যাৰ ফলত ভাৰতকে ধৰি আন আন দেশেও সমস্যাত পৰিবলগীয়া হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.