অচিৰেই প্ৰকাশ পাব বহুভাষিক ট্ৰাইবেল অভিধান

 07/07/2019 - 20:53

কোকৰাঝাৰঃ অসমৰ ভুমিপুত্ৰ ট্ৰাইবেল জনগোষ্ঠীৰ বাবে অচিৰেই প্ৰকাশ পোৱাৰ পথত বহুভাষিক অভিধান গ্ৰন্থ। এই অভিধান গ্ৰন্থ তিনি মাহৰ ভিতৰতে প্ৰকাশ কৰি উলিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ খিলঞ্জীয়া ট্ৰাইবেল সাহিত্য সভাই। বহুভাষিক অভিধানখন প্ৰকাশ কৰি উলিয়াবলৈ প্ৰতিটো ট্ৰাইবেল জনগোষ্ঠীৰ পৰা তিনিজনকৈ ভাষা বিশেষজ্ঞ লৈ চলিত মাহৰ ৩ জুলাই পৰা আৰম্ভ হোৱা বহুভাষিক অভিধান সংকলনৰ ওপৰত লোৱা পাঁচ দিনীয়া কৰ্মশালাৰ আজি সম্পন্ন হৈছে।

দ্বিতীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হ’ব অহা ২২ আগষ্ট পৰা ২৫ আগষ্টলৈকে গোৱালপাৰা জিলাৰ দুধনৈত। এই পাঁচ দিনীয়া কৰ্মশালা বিটিএডিৰ প্ৰান কেন্দ্ৰ কোকৰাঝাৰ সদৰ চহৰস্থিত কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল আৰু উক্ত কৰ্মশালা উদ্বোধন কৰিছিল বিটিচিৰ উপমুখ্য খাম্ফা বৰগয়াৰীয়ে। 

আজি কৰ্মশালা সম্পন্ন হোৱাৰ দিনা খিলঞ্জীয়া ট্ৰাইবেল সাহিত্য সভাৰ সাধাৰণ সম্পাদক কমলাকান্ত মুছাহাৰীয়ে সাংবাদিকৰ আগত সদৰী কৰা মতে অসমৰ ট্ৰাইবেল জনগোষ্ঠী যেনে বড়ো, গাৰো, কাৰ্বি, ডিমাছা, ৰাভা, মিছিং আৰু দেউৰী আদি আঠটা ট্ৰাইবেল জনগোষ্ঠীসমূহৰ ভাষা আৰু লগতে অসমীয়া, হিন্দী, ইংৰাজী মুঠ এঘাৰটা বহুভাষিক অভিধান উলিওৱাৰ প্ৰস্তাৱ বিটিচিত দিয়াৰ লগে লগেই এই অভিধান প্ৰকাশ কৰি উলিয়াবলৈ বিটিচিৰ ফালৰ পৰা প্ৰথমতে দহলাখ আৰু পৰৱৰ্তী পৰ্যায়ত পয়ত্ৰিশ লাখ টকাৰ আৰ্থিক অনুদান হিচাপে সহযোগিতা আগবঢ়োৱা হ’ব বুলি জনাইছে।

অসমত বসবাস কৰা ট্ৰাইবেলসকলৰ ভাষা, কলা কৃষ্টি ৰক্ষনাবেক্ষন আৰু উন্নয়নৰ মূল উদ্দেশ্য লৈ যোৱা ২০১৫ চনত জন্ম লাভ কৰা ট্ৰাইবেল সাহিত্য সংগঠনে উক্ত বহুভাষিক ট্ৰাইবেল অভিধান গ্ৰন্থখন তিনি মাহৰ ভিতৰতে প্ৰকাশ কৰি উলিয়াবলৈ অহৰহ প্ৰচেষ্টা চলাইছে খিলঞ্জীয়া ট্ৰাইবেল সাহিত্য সভাৰ কৰ্মীবৃন্দই। উল্লেখযোগ্য যে মুঠ পাঁচশ পৃষ্ঠাজোৰাত পাঁচ হেজাৰ শব্দ থকা বহুভাষিক অভিধান গ্ৰন্থখনৰ বাবে কৰ্মশালাৰ আৰম্ভণিৰ দিনা বিটিচিৰ উপ মুখ্য খাম্ফা বৰগয়াৰীয়ে "www.itssa.in" নামৰ ৱেবছাইটো উদ্ধোধন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।