বিদ্যুতৰ বিলে আতংকৰ সৃষ্টি কৰিছে বৰপথাৰৰ চাহ শ্ৰমিকৰ মাজত

 07/07/2019 - 21:26

সৰুপথাৰঃ শক্তি বিভাগৰ অদ্ভুত কাণ্ড। বিদ্যুতৰ বিলে আতংকৰ সৃষ্টি কৰিছে গোলাঘাট জিলাৰ বৰপথাৰৰ এখন চাহ বাগানৰ চাহ শ্ৰমিকৰ মাজত৷ অতি উচ্চ নিৰিখৰ নাভূত নাশ্ৰুত বিদ্যুৎ মাচুলৰ মাহেকীয়া বিল প্ৰেৰণ কৰা হৈছে বৰপথাৰৰ পাভজান চাহ বাগানৰ শ্ৰমিক পৰিয়ালসমূহলৈ৷ প্ৰতিটো পৰিয়াললৈ মাহেকীয়া বিদ্যুৎ বিল প্ৰেৰণ কৰা হৈছে নূন্যতম ২৫০০ টকাৰ পৰা ২১০০০ টকা পৰ্যন্ত৷

জিলাখনৰ শক্তি বিভাগৰ সৰুপথাৰ উপ প্ৰৱন্ধকৰ কাৰ্যালয়ে প্ৰেৰণ কৰা এই মাহেকীয়া বিদ্যুৎ মাচুলৰ বিল দেখি চকু কপালত উঠিছে বাগিছাৰ শ্ৰমিকসকলৰ৷ শ্ৰমিকসকলৰ অভিযোগ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে বাগানখনৰ শ্ৰমিকসকলৰ ঘৰত বিদ্যুতৰ মিটাৰ ৰিডিং নকৰাকৈয়ে আনুমানিক বিল প্ৰস্তুত কৰি আহিছে৷

ইপিনে বিভাগটোৱে প্ৰতিজন বিদ্যুৎ উপভোক্তালৈ প্ৰতিমাহে বিল প্ৰেৰণ কৰিব লাগে যদিও পাভজান চাহ বাগিচাৰ শ্ৰমিকসকললৈ তিনি চাৰিমাহৰ মূৰতহে বিদ্যুতৰ বিল প্ৰেৰণ কৰে৷ যাৰবাবে একেলগে এটা মোটা অংকৰ বিদ্যুত মাছুল আদায় দিয়াত অসুবিধাৰ সন্মূখীন হয় দৰিদ্ৰ চাহ শ্ৰমিকসকল৷ বিদ্যুৎ বিভাগৰ এনে কাণ্ডত অতিষ্ঠ হৈ পাভজান চাহ বাগানৰ শ্ৰমিকসকলে এতিয়া তেওঁলোকৰ বিদ্যুৎ সংযোগ কৰ্তন কৰি দিবৰ বাবে আহ্বান জনাইছে শক্তি বিভাগক৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।