জয় শ্ৰীৰাম শ্লোগানঃ বৰপেটাত পুনৰ একাংশ দুস্কৃতিকাৰীৰ দুষ্কাৰ্য

 07/07/2019 - 21:46

বৰপেটাঃ ঝাৰখণ্ডত মব লিনচিঙত প্ৰাণ হেৰুৱা তব্রেজ আনছাৰীৰ ন্যায়ৰ বাবে দেশজুৰি প্ৰতিবাদ হৈ থকাৰ সময়তে বৰপেটাত পুনৰ উগ্ৰ হিন্দুত্ববাদী শক্তিৰ মদতপুষ্ট একাংশ দুস্কৃতিকাৰীয়ে কালি মাজ নিশা বৰপেটা মেডিকেল কলেজৰ ওচৰত একাংশ সংখ্যালঘূ লোকক বলপূৰ্বকভাৱে জয় শ্ৰীৰাম শ্লোগান দিবলৈ কোৱাৰ লগতে বিভিন্ন গালি-গালাজ পাৰি প্ৰাণে মৰাৰ ভাবুকি প্ৰদানেৰে শাৰীৰিকভাৱেও আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে।

বৰপেটাৰ সমাজ-জীৱনৰ ঐক্য-সম্প্ৰীতি বিনষ্ট কৰি সাম্প্ৰদায়িক সংঘাত-সংঘৰ্ষ সৃষ্টিৰ বাবে কৰা এই ঘটনা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ নিন্দা কৰিছে আৰু এই ঘটনাৰ লগত জড়িত দুস্কৃতিকাৰীসকলক অতি শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে।

মাত্ৰ কিছুদিন পূৰ্বে বৰপেটা চহৰত একাংশ দুস্কৃতিকাৰীয়ে নিশা একাংশ সংখ্যালঘু মুছলমান যুৱকক ধৰি বলপূৰ্বকভাৱে জয় শ্ৰীৰাম শ্লোগান দিবলৈ বাধ্য কৰোৱাৰ লগতে শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল। তাৰ বিৰুদ্ধে বৰপেটাৰ প্ৰায় সকলো দল-সংগঠন, নাগৰিক আৰু বুদ্ধিজীৱীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু সেই ঘটনাৰ লগত জড়িত তিনিজন দুস্কৃতিকাৰীক ইতিমধ্যেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

কিন্ত পুনৰ একাংশ দুস্কৃতিকাৰীয়ে বৰপেটাত অনুৰূপ ঘটনা সংঘটিত কৰাত বৰপেটা জিলা কৃষক মুক্তি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে উদ্বিগ্ন হৈ পৰিছে। কিয়নো এনেকুৱা ঘটনাৰ দ্বাৰাই দুস্কৃতিকাৰীয়ে বৰপেটাৰ সমাজ জীৱনৰ ঐক্য-সম্প্ৰীতি বিনষ্ট কৰি সাম্প্ৰদায়িক সংঘাত আৰু সংঘৰ্ষ লগাবলৈ যে অহৰহ ষড়যন্ত্ৰ কৰিছে সেয়াই প্ৰমাণ কৰিছে।

সেয়েহে এনেকুৱা দুস্কৃতিকাৰীৰ বিৰুদ্ধে বৰপেটা প্ৰশাসন, পুলিচে কঠোৰ ব্যৱস্থা গ্ৰহণৰ লগতে বৰপেটাৰ সচেতন ৰাইজেও সজাগ থাকিব লাগিব। প্ৰধানমন্ত্ৰী মোদীৰ "সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস" ৰ শ্লোগানক অসাৰ প্ৰতিপন্ন কৰি দেশত প্ৰতিদিনেই সংখ্যালঘু আৰু দলিতসকল একাংশ উগ্ৰ হিন্দুত্ববাদী শক্তিয়ে আক্ৰমণ কৰিয়ে আছে আৰু এই ঘটনাবোৰৰ বাবেই বিশ্বত ভৰতবৰ্ষৰ বদনাম হৈ আছে।

কিন্তু তাৰ পিছতো প্ৰধান মন্ত্ৰী মোদী মৌন হৈয়ে আছে। এয়া অত্যন্ত দুৰ্ভাগ্যজনক। কেৱল শ্লোগানেৰে নহয় মোদীয়ে মব লিনচিঙৰ ঘটনাৰ লগত জড়িত দুস্কৃতিকাৰীসকলৰ বিৰুদ্ধে কঠোৰ হওক আৰু সংখ্যালঘু আৰু দলিতসকলৰ নিৰাপত্তা আৰু সম মৰ্যদা নিশ্চিত কৰাৰ দাবী জনায়।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শংকৰ-আজানৰ দেশৰ সাতামপুৰুষীয়া ঐক্য-সম্প্ৰীতি ৰক্ষাৰ বাবে যদি দায়বদ্ধ তেন্তে অসমত যাতে এনেকুৱা ধৰণৰ দুষ্কাৰ্য কোনেও সংঘটিত কৰাৰ সাহস কৰিব নোৱাৰে তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনায়। এই ঘটনা সংক্ৰান্তত পশ্চিম বৰপেটা কাৰবাৰী সন্থাই নিজাববীয়াকৈ গোচৰ তৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।