আমগুৰিৰ চামগুৰিত 'স্বৰ্গীয় গজেন বৰুৱা’ আৰু 'স্বৰ্গীয় দেৱেশ্বৰ বৰুৱা’ সোঁৱৰণী চলন্ত ট্ৰফী আৰু প্ৰাইজমণি অক্সন ব্ৰিজ প্ৰতিযোগিতা

 07/08/2019 - 12:19

আমগুৰিঃ আমগুৰিৰ চামগুৰিত 'স্বৰ্গীয় গজেন বৰুৱা’ আৰু 'স্বৰ্গীয় দেৱেশ্বৰ বৰুৱা’ সোঁৱৰণী চলন্ত ট্ৰফী আৰু প্ৰাইজমণি অক্সন ব্ৰিজ প্ৰতিযোগিতা আৰম্ভ। চামগুৰি ব্ৰিজ ক্লাৱৰ উদ্যোগত আৰু নীলাক্ষি মেম'ৰিয়েল ৱেলফেয়াৰ চ'ছাইটিৰ সহযোগত অনুষ্ঠিত অক্সন ব্ৰিজ প্ৰতিযোগিতাৰ পতাকা উত্তোলন কৰে সমাজকৰ্মী পদ্মকমল ফুকনে।

বেলিমুখীয়াৰ জ্যেষ্ঠ নাগৰিক ঘনকান্ত গগৈয়ে স্বৰ্গীয় গজেন বৰুৱা আৰু স্বৰ্গীয় দেৱেশ্বৰ বৰুৱা প্ৰতিকৃতিত স্মৃতি তৰ্পণ কৰাৰ পিছতেই প্ৰতিযোগিতাৰ উদ্বোধন কৰে নীলাক্ষি মেম'ৰিয়েল একাডেমীৰ অধ্যক্ষ ধৰ্মৰঞ্জন গগৈয়ে। নীলাক্ষি মেম'ৰিয়েল ৱেলফেয়াৰ চ'ছাইটিৰ সভাপতি তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা চন্দ্ৰ বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰাৰ প্ৰতিযোগিতাত মৰাণ, নিতাইপুখুৰী,নামতি,আমগুৰি, শিৱসাগৰৰ বহু দলে অংশগ্ৰহণ কৰে। অক্সন ব্ৰিজ প্ৰতিযোগিতাতে চামগুৰি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক, সমাজকৰ্মী চামচুল হুছেইন,চামগুৰি ব্ৰিজ ক্লাৱৰ সভাপতি ৰজনী বৰুৱা, উপ-সভাপতি ভূৱন গগৈ, যুটীয়া সম্পাদক ক্ৰমে প্ৰদীপ দুৱৰা, হেমন্ত গগৈ উপস্থিত থাকে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।