সৰুপথাৰত ৰেল বিভাগৰ উচ্ছেদ অভিযান

 07/08/2019 - 12:49

সৰুপথাৰঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰ ৰেলৱে সমীপত হয় উচ্ছেদ অভিযান। ৰেলৱে ভূমিত অবৈধভাৱে বসবাস কৰা ১৭ টা পৰিয়ালৰ বাসগৃহত দেওবাৰে জেচিবি লৈ উচ্ছেদ অভিযান চলাই ৰেল কৰ্তৃপক্ষই।

সৰুপথাৰ নগৰ ২ নং ৱাৰ্ডৰ ৰেলৱে ষ্টেচনৰ লগতে দীৰ্ঘদিন ধৰি অবৈধভাৱে বসবাস কৰি আছিল লোকসকলে। সৰুপথাৰ ৰেল ষ্টেচনৰ সমীপত ধনশিৰি মহকুমা প্ৰশাসনৰ সহযোগত ৰেল বিভাগে চলোৱা উচ্ছেদ অভিযানত মুঠ ১৭ টা পৰিয়ালক ৰেলৱে ভূমিৰ পৰা উচ্ছেদ কৰে।

কিন্তু একেই স্থানতে বাস কৰা একাংশ লোকক ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত উচ্ছেদ নকৰাৰ উদ্বেগ প্ৰকাশ কৰিছে ৰেল বিভাগৰ উচ্ছেদিত লোকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।