স্বৰ্ণকন্যা হিমাই এসপ্তাহৰ ভিতৰতে জিনিলে দুটাকৈ স্বৰ্ণ পদক

 07/08/2019 - 12:58

ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আকৌ এবাৰ উজলি উঠিছে অসম কন্যা হিমা দাস। দৌৰবিদ অসম সন্তান হিমা দাসে এসপ্তাহৰ ভিতৰতে পুনৰ পোলেণ্ডত দ্বিতীয়টো সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। পোলেণ্ডত চলি থকা ‘কুটন এথলেটিকছ মিটত’ এইবাৰ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে হিমা দাসে ।

মহিলাৰ ২০০ মিটাৰ দৌৰত স্বৰ্ণ লাভ কৰে হিমাই। হিমাই ২৩.৯৭ ছেকেণ্ডত নিজৰ দৌৰ সম্পূৰ্ণ কৰি শীৰ্ষ স্থানত ৰয়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে হিমাই মঙলবাৰে ‘পোজনান এথলেটিকছ গ্ৰাণ্ড পিক্সত’ মহিলাৰ দুশ মিটাৰ শাখাত চমকপ্ৰদ প্ৰদৰ্শনেৰে সোণৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।