মহিলা বিশ্বকাপ ফুটবলত বিজয় মুকুট পৰিধান কৰিলে আমেৰিকাই

 07/08/2019 - 13:13

ডিজিটেল ডেস্ক: চতুৰ্থ বাৰৰ বাবে মহিলা বিশ্বকাপ ফুটবলত বিজয়ৰ মুকুট অৰ্জন কৰিলে আমেৰিকাই। মহিলা ফুটবলৰ অপ্ৰতিৰোধ্য শক্তি হিচাপে পৰিচিত আমেৰিকাই দেওবাৰে ফিফা মহিলা বিশ্বকাপৰ ৰোমাঞ্চকৰ ফাইনেলত নেদাৰলেণ্ডছক ২-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ জয় কৰে। ১৯৯১, ১৯৯৯ আৰু ২০১৫ৰ পিছত দলটোৰ এইয়া চতুৰ্থটো বিশ্বজয়।

আৰম্ভনিৰে পৰা আমেৰিকাই সুন্দৰ প্ৰদৰ্শন দেখুৱাই ৬১ মিনিটত প্ৰথমটো সাফল্য লাভ কৰে। উল্লেখযোগ্য যে ৰিপেনইয়ে পেনাল্টীৰ জৰিয়তে গ'ল কৰি আমেৰিকাক অগ্ৰগতি দিয়ে। ১-০ আগবাঢ়ি থকা আমেৰিকাই ৬৯ মিনিটত লাভেলিৰ জৰিয়তে পুনৰ এক গ'ল কৰিবলৈ সক্ষম হয়। উল্লেখনীয় যে আমেৰিকাৰ মহিলা ফুটবল দলটোৱে ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে। একেদৰেই নেদাৰলেণ্ডছে ছেমিফাইনেলত ছুইডেনক পৰাস্ত কৰি বিশ্ব কাপৰ ফাইনেলত প্ৰৱেশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।