নতুন দিল্লীত উদ্ধাৰ অসমীয়া যুৱতীৰ মৃতদেহ

 03/21/2019 - 17:42

গুৱাহাটীঃ নতুন দিল্লীত উদ্ধাৰ হৈছে অসমীয়া যুৱতীৰ মৃতদেহ। সমগ্ৰ অসমতে এই কাণ্ডই তুলিছে চাঞ্চল্য। মৃত যুৱতীগৰাকীৰ নাম বিদ্যাৱতী দাস বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত খবৰ অনুসৰি নতুন দিল্লীৰ বসন্তকুঞ্জৰ এজন বন্ধুৰ ঘৰত ৰহস্যজনকভাৱে মৃত্যু হৈছে যুৱতীগৰাকীৰ। মৃত যুৱতীগৰাকীৰ ঘৰ হাজোত বুলি জানিব পৰা গৈছে। বৰ্তমান নতুন দিল্লীৰ বসন্তকুঞ্জ আৰক্ষীৰ জিম্মাত আছে যুৱতীগৰাকীৰ মৃতদেহ। ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে ইতিমধ্যেই তদন্ত আৰম্ভ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।