কংগ্ৰেছ আয়ুক্ত লোকেশ্বৰী দাসৰ অগপত যোগদানঃ টীয়ক পৌৰসভা হ'ল কংগ্ৰেছ মুক্ত

 07/08/2019 - 13:37

টীয়কঃ টীয়কৰ ৰাজনৈতিক বতাহ গৰম কৰি ৰাখিছে ৰাজনৈতিক ব্যক্তিৰ কৰ্মকাণ্ডই৷ কোনোৱে যদি সদস্যতা পৰ্ব অনুষ্ঠিত কৰি নিজ দলৰ শক্তি প্ৰদৰ্শন কৰিবলৈ প্ৰয়াস কৰিছে তেন্তে তাৰ পিছৰ দিনটোতেই অন্য দলৰ বিস্ফোৰণ৷ ২০২১ ৰ বিধানসভাৰ নিৰ্বাচনৰ আগত টীয়কত হ'বলগীয়া পৌৰসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ঘটিছে আন এক বিস্ফোৰণ৷ চাৰিটা ৱাৰ্ডেৰে গঠিত টীয়ক পৌৰসভাৰ একমাত্ৰ কংগ্ৰেছ দলৰ ১ নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্ত লোকেশ্বৰী দাসে কালি অগপ দলত যোগদান কৰে৷

উল্লেখযোগ্য যে অলপতে ২ নং ৱাৰ্ডৰ কংগ্ৰেছ ৱাৰ্ড আয়ুক্ত অভিজিত বৰুৱাই বিজেপিত যোগদান কৰাৰ পিছত একমাত্ৰ কংগ্ৰেছ ৱাৰ্ড আয়ুক্তয়েও এইদৰে যোগদান কৰাত পৌৰসভাত কংগ্ৰেছৰ আসন শূন্য হয়৷ টীয়ক পৌৰসভাৰ উপ-পৌৰপতি লোকেশ্বৰী দাসৰ উপৰিও আজি পুত্ৰ মনোজ দাসসহ শতাধিক সমৰ্থকক লৈ আনুষ্ঠানিক ভাৱে অসম গণ পৰিষদ দলত যোগদান কৰা বিষয়টিয়ে তাৎপৰ্য বহন কৰিছে। মনকৰিবলগীয়া যে লোকেশ্বৰী দাস টীয়ক নগৰ মণ্ডল মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপেও দলীয় দায়িত্ব পালন কৰাৰ লগতে মনোজ দাস কলিয়াপানী ব্লক কংগ্ৰেছ কমিতিৰ উপ-সভাপতি পদবীত আছিল।

ৱাৰ্ডটোৰ তেলিয়া গাঁও, মাহাৰা মুছলিম গাঁও, খতীয়া বৰুৱা চুকৰ শতাধিক কংগ্ৰেছ কৰ্মীয়ে গণ পৰিষদ দলত যোগদান কৰে। টীয়ক নগৰ সমিতি অগপৰ সভাপতি দিপুল শইকীয়াই আঁত ধৰা সভাখনত বিধায়িকা ৰেনুপমা ৰাজখোৱা, ৱাৰ্ড আয়ুক্ত মাধৱী হাজৰিকা, অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক পৰেশ বৰা, যুৱ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক প্ৰাণজিৎ হাজৰিকা, জিলাৰ সাধাৰণ সম্পাদক বিকাশ শইকীয়া, সহ সম্পাদক দীপেন বৰগোঁহাই উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।