জাপানীজ এনকেফেলাইটিজ আক্ৰান্ত পলাশবাৰীৰ যুৱতী

 07/08/2019 - 13:55

মিৰ্জাঃ বৰ্তমানলৈ ৰাজ্যত জাপানীজ এনকেফেলাইটিজৰ ফলত মৃ্ত্যুমুখত পৰিছে অৰ্ধশতাধিক লোক৷ আনহাতে বৰ্তমানেও বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বহুতো জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত লোক। জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত হৈ পলাশবাৰীৰ বজাৰাপাৰাৰ মিনতি দাস নামৰ এগৰাকী যুৱতী আমিনগাঁওস্থিত GNRCৰ ICU ত চিকিৎসাধীন হৈ আছে।

কেইদিনমান ধৰি জ্বৰত আক্ৰান্ত হৈ থাকি হঠাৎ ডিঙিত কিছু বিষ অনুভৱ কৰি মজিয়াতে ঢলি পৰিছিল যুৱতীগৰাকী৷ তাৰপিছতে ততাতৈয়াকৈ পানবজাৰস্থিত MMCHত ভৰ্তি কৰাই যদিও অৱস্থা গুৰুতৰ বাবে আমিনগাঁওস্থিত GNRC হস্পিটালত ভৰ্তি কৰে। তাৰপিছতে যুৱতীগৰাকী জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত হোৱা বুলি অৱগত কৰে চিকিৎসকে। আনহাতে গাঁওখনত পুৰ্বে কেতিয়াও নোহোৱা এই ৰোগবিধৰ বাবে আতংকিত হৈ পৰিছে পলাশবাৰীৰ বজাৰাপাৰাৰ লোকসকল। যাৰবাবে গাঁওবাসীয়ে এতিয়া বিছাৰিছে প্ৰসাশনৰ সজাগতা সভা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।