07/08/2019 - 14:14
in
গোসাঁইগাঁওঃ অসম-বংগ সীমান্ত অঞ্চলেদি বৈ যোৱা হাৰাফুটা নদীৰ তীব্র খহনীয়াই ৰাইজক আতংকিত কৰি তুলিছে। নদীৰ বুকুত বিলীন হৈছে অঞ্চলটােৰ ভেটি মাটিৰ লগতে শ শ হেক্টৰ শস্যৰ মাটি। এই বেলিও বাৰিষাত নদীখনে ভেটি মাটি, খেতি মাটি খহাই নিয়াটো নিশ্চিত হৈ পৰিছে। সম্প্ৰতি এই নদীখনে শ্ৰীৰামপুৰ বজাৰৰ লগতে চৰকাৰী, বে-চৰকাৰী বহু অনুষ্ঠান-প্ৰতিষ্ঠানলৈও ভাবুকি কঢ়িয়াই আনিছে।
গৃহহীন বহু পৰিয়াল এতিয়াও নদীৰ পাৰত ঘৰ সাজি বাস কৰিবলগা হৈ আছে। হাৰাফুটা নদীৰ প্ৰৱল খহনীয়াত শ্ৰীৰামপুৰ অঞ্চলৰ বহু পৰিয়ালে সৰ্বস্ব হেৰুৱাবলৈ উপক্ৰম হৈছে যদিও বৰ্তমানাে কােনাে জনপ্ৰতিনিধিৰ দৃষ্টি গােচৰ পৰা নাই অঞ্চলবাসীলৈ। এবছৰ পূৰ্বে এই নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ নামত দুটা বল্ডাৰৰ বেৰ দিছিল যদিও সেয়া গৰাখহনীয়া ৰোধ কৰা অসম্ভৱ হৈছে।