যোগীঘোপাৰ শংকৰঘোলা পাহাৰৰ জলপ্ৰপাতে হাত বাউলি মাতিছে পৰ্যটকক

 07/08/2019 - 15:19

যোগীঘোপাঃ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ শংকৰঘোলা পাহাৰৰ জলপ্ৰপাতসমূহে হাত বাউলি মাতিছে পৰ্যটকক। উৎকট গৰমে দহিছে ৰাজ্যবাসীক। আনফালে বিদ্যালয়সমূহত আৰম্ভ হৈছে গ্ৰীষ্মবন্ধ। বিগত কিছুদিন ধৰি দেখা দিয়া অনাবৃষ্টি আৰু গৰমৰ ফলত দৈনিক সৰ্বাধিক উত্তাপৰ মাত্ৰা ৩০-৩২ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পোৱাৰ ফলত ৰাজ্যবাসীক দহিছে গৰমে৷ গৰমৰ পৰা হাত সাৰিবলৈ মানুহে নিজৰ শৰীৰ শীতল কৰিবলৈ এয়াৰ কণ্ডিচনাৰ, বৈদ্যুতিক পাংখা, শীতল পানীয় আদি ব্যৱহাৰ কৰি বিভিন্ন ধৰণে চেষ্টা অব্যাহত ৰাখিছে যদিও পৰিত্ৰাণ পোৱা নাই। সেয়ে এতিয়া ভিৰ বাঢ়িছে জলপ্ৰপাতসমূহত।

বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ঐতিহাসিক শংকৰঘোলা পাহাৰত থকা জলপ্ৰপাতসমূহত গৰমৰ পৰা হাত সাৰিবলৈ প্ৰতিদিনে অসমৰ অসংখ্য লোকে স্নান কৰিবলৈ যোৱা পৰিলক্ষিত হৈছে৷ যেন এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে শংকৰঘোলা জলপ্ৰপাতসমূহত। যোগীঘোপাৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগত অৱস্থিত শংকৰঘোলা পাহাৰৰ জলপ্ৰপাত আৰু ইয়াৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ বৰ্তমান দেশী-বিদেশী পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হৈছে। কিন্তু অতি পৰিতাপৰ বিষয় যে অসমৰ অন্যতম পৰ্যটনস্থলী ৰূপে পৰিচিত শংকৰঘোলা আৰ্কষণীয় পৰ্যটনস্থলী ৰূপে গঢ়ি তুলিবলৈ বৰ্তমান পৰ্যন্ত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহন কৰা নাই৷ আনহাতেদি শংকৰঘোলা আৰু ভৈৰৱ চুড়া পাহাৰৰ মনোৰম দৃশ্য উপভোগ কৰিবলৈ অহা দেশী-বিদেশী পৰ্যটকে শংকৰঘোলা যোৱা মূল পথটোৰ দুৰাৱস্থাৰ বাবে বছৰ বছৰ ধৰি দুৰ্ভোগ ভূগি আহিছে যদিও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাক লৈ স্থানীয় ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।