প্ৰিয়ংকা গান্ধীক তাচ্ছিল্য স্মৃতি ইৰাণীৰ

 03/21/2019 - 18:04

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক কৰা তীব্ৰ সমালোচনাই ৰাজনৈতিক মহলত লাভ কৰিছে চৰ্চা। প্ৰিয়ংকা গান্ধীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীক ঘোৰ অপমান কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্মৃতি ইৰাণীয়ে।

প্ৰিয়ংকা গান্ধীৰ ওপৰত অভিযোগ উত্থাপন কৰি স্মৃতি ইৰাণীয়ে টুইটাৰত এটা ভিডিঅ’ টুইট কৰে। কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে এই ভিডিঅ’টোত কয় যে- প্ৰিয়ংকা গান্ধীয়ে নিজৰ ডিঙিত পিন্ধা মালাডাল খুলি, হাতত লৈ পাছত সেইডাল মালাৰেই আকৌ প্ৰাক্তন প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীৰ প্ৰতিমূৰ্তিত ম্যালাৰ্পণ কৰে।

স্মৃতি ইৰাণীয়ে কয় যে, এনে কাণ্ড কৰি প্ৰিয়ংকা গান্ধীয়ে শাস্ত্ৰীজীৰ প্ৰতি কৰিছে চৰম অপমান। লগতে তেওঁ প্ৰশ্ন তুলিছে যে এয়াই নেকি কংগ্ৰেছৰ প্ৰকৃত সংস্কাৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।