চিআইএছএফত কৰ্মৰত মামুদ আলীক ডি ভোটাৰৰ জাননীঃ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰতিক্ৰিয়া

 07/08/2019 - 15:49

বৰপেটাঃ দেশৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত জোৱানক পুনৰ সন্দেহজনক নাগৰিকৰ জাননীৰ ঘটনা সংঘটিত হৈছে ৰাজ্যখনত। কামৰূপ জিলাৰ নগৰবেৰাৰ দলা গাঁৱৰ বাসিন্দা মামুদ আলীক সন্দেহজনক নাগৰিক হিচাপে চিহ্নিত কৰি ৰাজ্যৰ গৃহ বিভাগে জাননী জাৰি কৰাত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আব্দুল আজিজ আৰু সাধাৰণ সম্পাদক মোৱাজ্জেম হুছেইনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

দেশৰ সুৰক্ষাত নিয়োজিত জোৱানৰ বিৰুদ্ধে ডি ভোটাৰৰ জাননী জাৰিৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দি বিবৃতিটোত মোৱাজ্জেম হুছেইনে উল্লেখ কৰে যে কিছুদিন পূৰ্বে কাৰ্গিল যোদ্ধা আৰু ৰাষ্ট্ৰপতি বঁটাপ্ৰাপ্ত ছানাউল্লাহৰ পিছত এইবাৰ সীমান্ত আৰক্ষীয়ে চিআইএছএফত ২৫ বছৰ ধৰি কৰ্মৰত মামুদ আলী নামৰ এজন লোকক ডি ভোটাৰৰ জাননী জাৰি কৰিছে।

অসমৰ মুখ্যমন্ত্ৰীৰ হাতত থকা গৃহ বিভাগৰ এনে মইমতালিৰ বাবেই ৰাজ্যৰ বহু প্ৰকৃত ভাৰতীয় নাগৰিকে হাৰাশাস্তিৰ সন্মুখীন হ’ব লগীয়া হোৱাৰ কথা উল্লেখ কৰে। সীমান্ত আৰক্ষীয়ে কেৱল নিজৰ চাকৰি বচাবলৈকে কোনোধৰণৰ তদন্ত নকৰাকৈ একমাত্ৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহক পৰিকল্পিতভাবে যধেমধে সন্দেহযুক্ত নাগৰিক সজাই বিদেশী ন্যায়াধীশলৈ পঠোৱা কাৰ্যৰ তীব্ৰ নিন্দা কৰে।

এনে কাৰ্যৰ আঁৰত অসম চৰকাৰৰ সমৰ্থন থকাৰ কথা উল্লেখ কৰি চৰকাৰৰ গোপন ইংগিততে সীমান্ত আৰক্ষী বিভাগে কাম কৰি আছে বুলি সন্দেহ প্ৰকাশ কৰে সংগঠনটোৱে। ৰাজ্য চৰকাৰৰ গৃহ বিভাগে দীৰ্ঘদিন ধৰি চৰকাৰী চাকৰি কৰা ব্যক্তিকেই যদি সন্দেহজনক নাগৰিক হিচাপে চিহ্নিত কৰিব পাৰে, সেইখন চৰকাৰৰ আমোলত সাধাৰণ মানুহৰ অৱস্থা কি হ’ব পাৰে বুলিও বিবৃতিটোত আশংকা ব্যক্ত কৰে।

ৰাজ্যৰ গৃহ বিভাগত চলি থকা এনেকুৱা অন্যায় কাৰ্য বন্ধ কৰাৰ বাবে দাবী জনোৱাৰ লগতে নিজ খেয়াল খুচিমতে অন্যায়ভাবে প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা বিষয়া কৰ্মচাৰীক চিনাক্ত কৰি দৃষ্টান্তমুলক শাস্তি বিহাৰ দাবী জনায় সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাজনে। বিশেষকৈ অনাগত দিনত যাতে কোনো প্ৰকৃত ভাৰতীয় নাগৰিক নাগৰিকত্বৰ প্ৰশ্নত কোনো ধৰনৰ হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া নহয় তাৰবাবে এনে অন্যায় কাৰ্যৰ সৈতে জৰিত বিষয়া কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনায়।

গৃহ বিভাগৰ অধীনত সীমান্ত আৰক্ষীয়ে যধে-মধে ডি ভোটাৰৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাৰ বিষয়টোক লৈ অহা ১০ জুলাইত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ এটা সজাতি দল দিল্লীলৈ ৰাওনা হৈ দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী আৰু দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে সমস্যাসমূহ সমাধানৰ দাবীত জনাব বুলিও বিবৃতিটোত উল্লেখ কৰে সংগঠনটোৰ সভাপতি আব্দুল আজিজ আৰু সম্পাদক মোৱাজ্জেম হুছেইনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।