খাৰুপেটীয়াত চিলনী চোৰৰ সন্ত্রাসঃ ব্যৱসায়ীৰ পৰা লুটিলে প্ৰায় ৪ লাখ টকা

 07/08/2019 - 16:00

দলগাঁওঃ দৰঙৰ খাৰুপেটীয়াত চিলনী চোৰৰ সন্ত্রাস। দিন দুপৰতে খাৰুপেটীয়াৰ কানাডা বেংকৰ পৰা টকা লৈ ওলাই অহা এজন ব্যবসায়ীৰ পৰা চিলনী চোৰে লুটিলে ৩ লাখ ৯০ হাজাৰ টকা। ব্যৱসায়ীজনৰ হাতত থকা টকাৰ মোনা চিঙি নি উধাও হয় চিলনী চোৰ।

হেলমেট পৰিহিত দুজন যুৱক পালচাৰ বাইকেৰে আহি সংঘটিত কৰে চুৰিকাণ্ড। ব্যবসায়ীজনৰ নাম ৰণজিত কুমাৰ শীল, ঘৰ খাৰুপেটীয়াৰ টিলাপট্ৰিত। খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় খাৰুপেটীয়া থানাৰ আৰক্ষীৰ দল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।