প্ৰাপ্য ধন বিচাৰি অৱস্থান ধৰ্মঘট ডুমডুমা ব্যৱসায়ী সন্থাৰ

 07/08/2019 - 16:10

ডুমডুমাঃ অসমৰ চাহ বাগিচাসমূহ উইলিয়ামচন মেগৰ কোম্পানীৰ মালিকানাধীন মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেডে বিগত বৰ্ষৰ ১ জুলাই তাৰিখে গোপনে তিনিচুকীয়া জিলাৰ চামডাং, ৰাইডাং, বিছাকুপি, বাঘজান, বৰডুবি, দৈমূখীয়া আৰু ফিল'বাৰী মুঠ আঠখনকৈ চাহ বগিচা M. K. Shah Exports Limited ক বিক্ৰী কৰিছিল। মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেডৰ অধিনৰ এই আঠখনকৈ চাহ বাগিচাত কাম কৰা প্ৰায় ৫০ জনকৈ ঠিকাদাৰসকলে কাম কৰা (Liability Bill) টকা আজিকোপতি লাভ কৰিবলৈ সক্ষম হোৱা নাই।

ইফালে নতুনকৈ বাগিচা ক্ৰয় কৰা M. K. Shah Exports Limited কৰ্তৃপক্ষই বিভিন্ন অজুহাত দেখুৱাই এইসকল ঠিকাদাৰে পাবলগীয়া প্ৰাপ্য ধন আদায় নিদিয়াৰ অভিযোগ কৰিছে ঠিকাদাৰসকলে। বিভিন্নসময়ত এইসকল ঠিকাদাৰে M. K. Shah Exports Limited কৰ্তৃপক্ষক মৌখিক আৰু লিখিতভাৱে জনোৱাৰ উপৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে ঠিকাদাৰসকলে।

প্ৰায় ১৪ মাহ অতিক্ৰম কৰাৰ পাছতো প্ৰাপ্য আদায় লাভ নকৰাত এতিয়া শংকিত হৈ পৰিছে এইসকল ঠিকাদাৰৰ লগতে তেওঁলোকৰ পৰিয়ালসমূহ। বাৰম্বাৰ আবেদন নিবেদন, প্ৰতিবাদ কৰাৰ পাছতো বহুজাতিক চাহ বাগিচা কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত কিছুদিন পূৰ্বে ঠিকাদাৰসকলে বৰডুবি চাহ বাগিছা কাৰ্যালয়ৰ মূখ্য প্ৰৱেশ দ্বাৰৰ সন্মুখত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিছিল।

আজি পুনৰ ঠিকাদাৰসকলৰ মঞ্চ সদৌ ডুমডুমা ব্যৱসায়ী সন্থা (ACSAD)ই বিছাকুপি চাহ বাগিছাৰ ফেক্টৰীৰ প্ৰৱেশদ্বাৰৰ সন্মুখত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। ঠিকাদাৰসকলৰ দাবী, অতি শীঘ্ৰে যদি তেওঁলোকৰ প্ৰাপ্য নাপাই তেন্তে M. K. Shah Exports Limited মালিকাধীন সকলো বাগিছাৰ বিৰুদ্ধে জংগী প্ৰতিবাদী কপাযসূচী ৰূপায়ণ কৰিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।