বিশ্বকাপত কাইলৈ প্ৰৱল বৃষ্টিপাতেও ৰুধিব নোৱাৰিব ভাৰতৰ জয়যাত্ৰাক!

 07/08/2019 - 16:18

ডিজিটেল ডেস্কঃ ক্ৰিকেটপ্ৰেমীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছে কাইলৈ অৰ্থাৎ মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া চলিত বিশ্বকাপৰ প্রথমখন ছেমি ফাইনেললৈ। প্ৰথমখন ছেমি ফাইনেলত সন্মুখ সমৰত অৱতীৰ্ণ হ’ব পইণ্ট তালিকাৰ শীৰ্ষত থকা ভাৰত আৰু চতুৰ্থ স্থানত থকা নিউজীলেণ্ড। হাইভল্টেজ মেচখনৰ বাবে বাট চাই থকা ক্ৰিকেট অনুৰাগীসকল ভুগিছে এতিয়া এক আশংকাত। ধাৰাষাৰ বৰষুণে ছেমি ফাইনেলত বিধি পথালি দিয়াৰ সম্ভাৱনা আছে বুলি ইংলেণ্ডৰ বতৰ বিজ্ঞান কেন্দ্ৰই দিলে এক বেয়া খবৰ।

বৰষুণৰ কাৰণে যদি কিবা কাৰণত ৯ তাৰিখে মেচ অনুষ্ঠিত নহয়, তেন্তে প্ৰথমখন ছেমিফাইনেল অনুষ্ঠিত কৰিবলৈ ৰিজাৰ্ভ ৰখা ১০ জুলাই তাৰিখতো প্ৰৱল বৃষ্টিপাতৰ আগজাননী দিলে বতৰ বিজ্ঞান কেন্দ্ৰই। ইয়াৰ আগতেও বিশ্বকাপৰ লীগ মেচত ভাৰত আৰু নিউজীলেণ্ডৰ মেচত বতৰে দিছিল বিধি পথালি। দেওবাৰৰ পৰা অব্যাহত আছে মানচেষ্টাৰত বৰষুণ। কিন্তু বৰষুণে ছেমি ফাইনেল মেচত বিধি পথালি দিলেও ফাইনেললৈ উন্নীত হ’ব টিম ইণ্ডিয়া! কাৰণ ভাৰতে ১৫ পইণ্টেৰে তালিকাৰ শীৰ্ষত থকাৰ বিপৰীতে নিউজীলেণ্ডৰ পইণ্ট ১১।

ফলস্বৰূপে ৯ জুলাইত মেচত বৰষুণে বিধি পথালি দিলে বা ছেমি ফাইনেললৈ ৰিজাৰ্ভ ৰখা ১০ জুলাই তাৰিখে বৰষুণ দিলেও ভাৰতে পইণ্ট তালিকাত নিউজীলেণ্ডকৈ বেছি পইণ্ট পোৱাৰ কাৰণে খেলিব পাৰিব চলিত বিশ্বকাপৰ ফাইনেল। এই মুহূৰ্তত সকলোৱে প্ৰাৰ্থনা কৰিছে কাইলৈ হ’বলগীয়া ছেমি ফাইনেলখন যাতে সুকলমে পাৰ হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।