বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ৪খন গাঁৱত বন্যহস্তীৰ উপদ্ৰৱ

 07/08/2019 - 16:43

বিজনীঃ চিৰাঙৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ৪ খনকৈ গাঁৱত বন্যহস্তীৰ তাণ্ডৱ। ২৫ টাকৈ বাসগৃহ লণ্ডভণ্ড। কৃষিভূমি, শস্য, গোধনৰ ক্ষতিসাধন। দেওবাৰে নিশা মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে চিৰাং জিলাৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৰ ৪ খনকৈ গাঁৱত তাণ্ডৱ চলাই গঞাৰ ২৫ টাকৈ বাসগৃহ লণ্ডভণ্ড কৰে।

উক্ত গাঁও ৪ খন ক্ৰমে ১ নং বিষ্ণুপুৰ, ১ নং চিকাঝোৰা, ১ নং ধোলাধোন্দা আৰু ২ নং ধোলাধোন্দা। বন্যহস্তীৰ জাকটোৱে উক্ত গাঁওসমূহৰ কৃষিজীৱি গঞাৰ কৃষিভূমি, শস্য তথা গো-ধনৰো বিস্তৰ ক্ষতি সাধন কৰে। ইফালে, সীমান্তৱৰ্তী গাঁওসমূহত বন্যহস্তীৰ উপদ্ৰৱ প্ৰতিৰোধ কৰাৰ অৰ্থে আজিকোপতি ৰাজ্য চৰকাৰ, BTC পৰিষদীয় চৰকাৰ কিম্বা বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰা বুলি স্থানীয় গঞাই অভিযোগ উত্থাপন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।