গুৱাহাটীৰ নাৰেঙ্গীত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আচাৰ্য-আচাৰ্যাৰ প্ৰশিক্ষণ

 07/08/2019 - 17:46

গুৱাহাটীঃ বিদ্যা ভাৰতী, অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি,অসমৰ অন্তৰ্গত শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূৰ আচাৰ্যসকলৰ ১৫ দিনীয়া আৱাসিক প্ৰশিক্ষণ বৰ্গ নাৰেংগীৰ শংকৰদেৱ বিদ্যা নিকেতনত কালিৰে পৰা আৰম্ভ হৈছে। এই প্ৰশিক্ষণ বৰ্গ আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে শংকৰদেৱ বিদ্যা নিকেতন, নাৰেংগীৰ পৰিচালনা সমিতিৰ সভাপতি মথুৰা ডেকাই। এই অনুষ্ঠানত বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ সভাপতি, আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট লেখক ডঃ জয়কান্ত শৰ্মাই উপস্থিত আছিল।

উদ্বোধনী ভাষণ প্ৰদান কৰে বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সম্পাদক চাঞ্চিৰাম পায়েঙে আৰু নিৰ্দিষ্ট বক্তাৰ ভাষণ ৰাখে শিশু শিক্ষা সমিতি, অসমৰ উপ সভাপতি তথা এছ বি দেউৰা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডঃ নিৰঞ্জন কলিতাই। এই প্ৰশিক্ষণ বৰ্গত দুটা বিভাগ ক্ৰমে নগাঁও আৰু গুৱাহাটী বিভাগৰ পৰা পুৰুষ ৫৬ গৰাকী আৰু মহিলা ১০৭ গৰাকী মুঠতে ১৬৩ গৰাকী আচাৰ্য-আচাৰ্যাই অংশগ্ৰহণ কৰিছে। এই প্ৰশিক্ষণ অহা ২২জুলাইলৈ চলিব বুলি প্ৰশিক্ষণৰ দায়িত্বত থকা আশুতোষ বৰ্মণ আৰু শিশু শিক্ষা সমিতি, অসমৰ প্ৰচাৰ সম্পাদক অজয় কুমাৰ বৰাই সংবাদ মাধ্যমক জানিবলৈ দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।