গুৱাহাটীঃ উত্তৰ গুৱাহাটী অগ্ৰনী সাংস্কৃতিক সংগঠন 'জিলিঙনী'। 'জিলিঙনী'ৰ উদ্যোগত বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে সন্ধিয়া বৃহত্তৰ উত্তৰ গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পিছতে ঐশ্বৰ্য কাকতি ৰচনা আৰু পৰিচালনাৰে তেজপুৰৰ ইউনাইটেড আৰ্টিষ্টৰ শিল্পী বৃন্দই মঞ্চস্থ কৰে "বৃদ্ধাশ্ৰমত প্ৰেমৰ ফাগুন" নাট। উত্তৰ গুৱাহাটী শিলসাকোঁৰ প্ৰাগজ্যোতিষপুৰ কলা পৰিষদত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি জিলিঙনীৰ সভাপতি ধৈৰ্য বৰুৱাই।
অনুষ্ঠানটোৰ আঁত ধৰে সাংস্কৃতিক কৰ্মী তথা জিলিঙনীৰ সদস্য জয়ন্ত দাউকাই। অনুষ্ঠানটোত ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অঞ্চলটোৰ কৃতি ছাত্ৰ-ছাত্ৰী অৰুণাভ হাজৰিকা, বন্যালিমা বৰুৱা, ডলী বড়ো, মনালিছা কলিতা, দেৱশ্ৰী শৰ্মা, ৰিকু কাকতি, অনন্যা বৰুৱা, ডিম্পল বৰা, নিকিতা দেৱী, হিয়ামনি চৌধুৰী, বিছুমি আহমেদ, সুমন দাস, ভবদ্বীপ ডেকা, হিয়ানন্দ শৰ্মা আৰু হৃষিকেশ দাসক জিলিঙনীৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত বিষ্ণুপ্ৰসাদ ৰাভাৰ এটা কবিতা আবৃত্তি কৰে জয়ন্ত ডাউকাই। শেষত জিলিঙনীৰ সম্পাদক তথা সাংবাদিক ৰূপক ডেকাই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাৰ বাবে ধন্যবাদ জনায় সকলোকে।