২৫ মাৰ্চতহে আৰম্ভ হ'ব বেংকৰ লেনদেন

 03/21/2019 - 18:26

ডিজিটেল ডেস্ক: ফাকুৱা উপলক্ষে চাৰিদিন বন্ধ থাকিব ৰাজ্যৰ বেংক আৰু চৰকাৰী কাৰ্যালয়সমূহ। ২১ আৰু ২২ মাৰ্চত ৰাজ্য চৰকাৰে স্থানীয় বন্ধ ঘোষণা কৰিছিল। যাৰ ফলত ২১ আৰু ২২ তাৰিখে বন্ধ থাকিব সকলো চৰকাৰী তথা বেংকৰ লেনদেনসমূহ।

ইয়াৰ উপৰি ২৩ মাৰ্চত চতুৰ্থ শনিবাৰ আৰু ২৪ মাৰ্চত দেওবাৰ হোৱা বাবে বেংক আৰু চৰকাৰী কাৰ্যালয়সমূহে লাভ কৰিব অতিৰিক্ত দুটাকৈ বন্ধ।

সেয়ে ২৫ মাৰ্চ সোমবাৰৰ পৰাহে আৰম্ভ হ'ব বেংক আৰু চৰকাৰী কাৰ্যালয়সমূহৰ কাম-কাজ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।