মাণিকপুৰঃ এক প্ৰেম কাহিনীয়ে চৰ্চা লাভ কৰিছে বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা-বাংলাপাৰা গাঁৱত। নাম্বাৰপাৰা গাঁৱৰ জয়নাল আবেদিন খানৰ কন্যা তথা নাম্বাৰপাৰা আঞ্চলিক জুনিয়ৰ কলেজৰ ছাত্ৰী ইলিজা খাতুনৰ লগত একেখন কলেজৰ ছাত্ৰ তথা বাংলাপাৰা গাঁৱৰ জামাল উদ্দিনৰ পুত্ৰ গাজিবৰ ৰহমানৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। এই প্ৰেমত দুয়ো হাবুডুবু খাই যোৱা দহদিনমান আগত হঠাৎ দুয়ো অন্তৰ্ধান হয়।
ইলিজা খাতুনে প্ৰেমিকৰ লগত সোণৰ সংসাৰ গঢ়াৰ সপোন দেখিছিল। কিন্তু লাগিল লেঠা। প্ৰেমিকাৰ বয়স ১৯ বছৰৰ বিপৰীতে প্ৰেমিকৰ বয়স ১৮। ভাৰতীয় সংবিধান অনুসৰি বিবাহপাশত আৱদ্ধ হ’বলৈ ল’ৰাৰ বয়স ২১ আৰু ছোৱালীৰ বয়স ১৮ হোৱাতো বাঞ্চনীয়। সেয়ে আইনৰ চকুত প্ৰেমিক গাজিবৰ ৰহমান অপৰাধী হিচাপে গণ্য হ’ল। উত্তৰ শালমাৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতে গাজিবৰ ৰহমানক ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰিছে।